আজি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক কনকসেন ডেকাৰ ওপজা দিন । ১৯৩৩ চনৰ আজিৰ দিনটোতে নলবাৰী জিলাৰ বেলশৰত তেওঁৰ জন্ম হয় । তেওঁ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে যদিও ১৯৭১ চনত মঙলদৈত পষেকীয়া অগ্ৰদূত কাকতৰ জন্ম দিয়ে আৰু কাকতখনৰ সম্পাদক হয় । পিছলৈ কাকতখনে সাদিনীয়াকৈ আৰু অৱশেষত তিনিদিনীয়াকৈ প্ৰকাশ পায় । ১৯৯৫ চনত তেওঁৰ সম্পাদনাতে দৈনিক অগ্ৰদূত নামেৰে আন এখন কাকত প্ৰকাশ পায় । ১৯৯০ চনত জন্ম লাভ কৰা আৰু অধুনালুপ্ত ইংৰাজী কাকত Action ৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল তেওঁ । এগৰাকী সাহিত্যিক হিচাপেও তেওঁৰ খ্যাতি কম নহয় । লুইতক ভেটিব কোনে, পূবত সূৰ্য নুঠে, গৃহযুদ্ধ আদি তেওঁৰ উপন্যাস, ৰঙীন পুৱা, পাঁচ ছেপ্টেম্বৰৰ ৰাতিপুৱা আদি গল্প সংকলন আৰু সাহিত্য আৰু জীৱন, আলফাৰ স্বাধীন অসম, বিপ্লৱৰ খোজ আদি তেওঁৰ অন্যান্য গ্ৰন্থ । তেওঁ অসম সাহিত্য সভাৰ ছিপাঝাৰ আৰু চাপৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । ২০০৫ চনত ভাৰত চৰকাৰে তেওঁলৈ পদ্মশ্ৰী সন্মান আগবঢ়াইছিল যদিও তেওঁ সেই সন্মান প্ৰত্যাখান কৰে । তেওঁ ডঃ ৰামমনোহৰ লোহিয়া ৰাষ্ট্ৰীয় বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, সংস্কাৰ ভাৰতী বঁটা আদিও লাভ কৰে । এইগৰাকী বিশিষ্ট সাংবাদিক তথা সাহিত্যিকক জনালোঁ ওপজা দিনৰ ওলগ ।
আজি জনপ্ৰিয় নাট্যকাৰ, পৰিচালক তথা অভিনেতা সেৱাব্ৰত বৰুৱাৰ ওপজা দিন । ১৯৪৮ চনৰ আজিৰ দিনটোতে বিহপুৰীয়াত তেওঁৰ জন্ম হৈছিল । তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই নাট্যশিল্পৰ সৈতে জড়িত হৈছিল । আশীৰ দশকত তেওঁ অধুনালুপ্ত অনিৰ্বাণ থিয়েটাৰত অভিনয় কৰিছিল । পিছলৈ তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অপেছদাৰী নাদ্যদলৰ বাবে শতাধিক নাটক ৰচনা কৰে । তেওঁৰ প্ৰথমখন নাটক ‘বালিঘৰ’ মঞ্চস্থ কৰে অপ্সৰা থিয়েটাৰে । নাস্তিক, দখল, শৈশৱতে ধেমালিতে, মমতাৰ চিঠি, লেডী ডায়েনা আদি তেওঁৰ জনপ্ৰিয় নাট । অসমৰ নাট্যজগতত তেওঁ মিলুদা নামেৰে জনপ্ৰিয় আছিল । তেওঁ অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু পিছলৈ উপদেষ্টা হৈছিল । তেওঁ অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা, সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা, অসম সাংস্কৃতিক মহাসভাৰ বঁটা আদি লাভ কৰে । এইগৰাকী নাট্যকাৰলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট ক্ৰীড়া সংগঠক তথা ক্ৰীড়া সাংবাদিক পুলিন দাসৰ স্মৃতি দিৱস । গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা দিনতে তেওঁ ক্ৰিকেট আৰু ফুটবলৰ প্ৰতি আকৰ্ষিত হৈছিল । কামৰূপ একাডেমীত পঢ়ি থাকোঁতে স্কুল ক্ৰিকেট টুৰ্ণামেণ্টত তেওঁ কেপ্টেইন হিচাপে খেলি দলক চেম্পিয়ন কৰাইছিল । ১৯৩৮ চনত তেওঁ কটন কলেজ ক্ৰিকেট দলৰ অধিনায়ক আৰু ১৯৩৯ চনত কলেজৰ ক্ৰীড়া সম্পাদক হয় । একেটা বছৰতে তেওঁ গুৱাহাটী টাউন ক্লাব ক্ৰিকেট দলৰো অধিনায়ক হয় । পিছলৈ তেওঁ ক্লাবটোৰ সাধাৰণ সম্পাদক আৰু পৃষ্ঠপোষকৰ পদবীও লাভ কৰে । ১৯৪৯ আৰু ১৯৫১ চনত ৰঞ্জি মেচত অসম দলৰ নেতৃত্ব দিছিল । লন টেনিছৰ প্ৰতিও তেওঁৰ দুৰ্বাৰ আকৰ্ষণ আছিল, টেবুল টেনিছো ভাল পাইছিল । ১৯৩৩ চনত ইণ্ডিয়া ক্লাবৰ জন্ম দিয়াত তেওঁৰো অৱদান আছিল । তেওঁৰ প্ৰচেষ্টাতে ১৯৪৮ চনত অসম টেবুল টেনিছ সন্থা গঠন হয় আৰু পিছলৈ তেওঁ সুদীৰ্ঘ ১৩ বছৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লয় । ১৯৪৭ চনত গোপীনাথ বৰদলৈৰ সহযোগত তেওঁ অসম ক্ৰিকেট সন্থা গঠন কৰে । তেওঁ তাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হৈছিল । তদুপৰি তেওঁৰ উদ্যোগতে গঠন হৈছিল গুৱাহাটী ক্ৰিকেট সন্থা, গুৱাহাটী টেবুল টেনিছ সন্থা, গুৱাহাটী হকী সন্থা, গুৱাহাটী লন টেনিছ সন্থা আৰু এই সংগঠনসমূহৰ তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল । তেওঁ এগৰাকী ক্ৰীড়া সাংবাদিক হিচাপেও জনপ্ৰিয় আছিল । প্ৰথম অৱস্থাত অমৃত বাজাৰ পত্ৰিকা, আনন্দ বাজাৰ পত্ৰিকা, দ্য ষ্টেটছমেন আদি কাকতত ফ্ৰীলেন্স সাবাদিকতা কৰিছিল যদিও দৈনিক নতুন অসমীয়াত তেওঁ ক্ৰীড়া সাংবাদিক হিচাপে যোগ দি পিছলৈ ১৯৫৪ চনত দ্য আছাম ট্ৰিবিউন কাকতত যোগদান কৰে । তেওঁ সুদীৰ্ঘ দিন আকাশবাণীত ক্ৰীড়াৰ ধাৰাভাষ্যকাৰ হিচাপেও সেৱা আগবঢ়ায় । ১৯৮৪ চনত তেওঁ ক্ৰীড়া পেঞ্চন লাভ কৰে । তেওঁ আছিল ক্ৰীড়া পেঞ্চন লাভ কৰা প্ৰথমগৰাকী ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠক । ২০১৪ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । বিশিষ্ট ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠকগৰাকীলৈ আমাৰ প্ৰণাম ।