আজি বিখ্যাত অৰ্থনীতিবিদ, দাৰ্শনিক তথা লেখক আডাম স্মিথৰ স্মৃতি দিৱস । তেওঁক অৰ্থনীতিৰ জনক বা পুঁজিবাদৰ জনক বুলিও কোৱা হয় । তেওঁ আছিল ৰাজনৈতিক অৰ্থনীতিৰ গুৰি ধৰোঁতা তথা স্কটিছ নৱজাগৰণৰ কাণ্ডাৰী । দ্য ৱেল্থ অব নেচন তেওঁৰ আটাইতকৈ প্ৰভাৱী গ্ৰন্থ । এই গ্ৰন্থখনকে আধুনিক অৰ্থনীতিৰ প্ৰথম গ্ৰন্থ বুলি কোৱা হয় । তদুপৰি দ্য থিয়ৰী অব মোৰেল চেণ্টিমেণ্টছ (১৭৯৫) আৰু এন এনকুৱেৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অব দ্য ৱেল্থ অব নেচন (১৭৭৬) হ’ল তেওঁৰ আন দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ । তেওঁ অৰ্থনীতিত শ্ৰমৰ বিভাজনৰ ধাৰণা আগবঢ়াইছিল । তদুপৰি মুক্ত বজাৰ অৰ্থনীতিৰ সূত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল । ১৭৯০ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ এডিনব্ৰাহত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট অৰ্থনীতিবিদলৈ আমাৰ প্ৰণাম ।