আজি দক্ষিণ আফ্ৰিকাৰ ৰাজনৈতিক নেতা তথা প্ৰাক্তন ৰাষ্ট্ৰপতি নেলচন মেণ্ডেলাৰ ওপজা দিন । ১৯১৮ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ কেপ প্ৰভিন্সত তেওঁৰ জন্ম হৈছিল । তেওঁ দক্ষিণ আফ্ৰিকাৰ নেচনেল কংগ্ৰেছৰ নেতা আছিল । দেশখনৰ অত্যাচাৰী স্মাট চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া মেণ্ডেলাই সুদীৰ্ঘ ২৭ বছৰ কাল কাৰাবন্দীৰ জীৱন কটাবলগীয়া হৈছিল । তেওঁ মহাত্মা গান্ধীৰ অহিংস নীতিৰ অনুগামী আছিল । ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীত তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত ১৯৯৪ চনৰ ১০ মে’ৰ পৰা ১৯৯৯ চনৰ ১৬ জুনলৈকে দেশখনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে । ১৯৯০ চনত ভাৰত চৰকাৰে এই বৰ্ণবৈষম্য নীতি বিৰোধী আন্দোলনৰ নেতাগৰাকীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত-ৰত্ন’ৰে সন্মানিত কৰে । ১৯৯৩ চনত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰে । তেওঁ জীৱনত ২৫০টাতকৈও অধিক বঁটা লাভ কৰে । তেওঁৰ ওপজা দিনটোক প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস হিচাপে পালন কৰা হয় । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।