আজি অসমীয়া ভাষাক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান যোগোৱাসকলৰ ভিতৰত অন্যতম মাইলছ ব্ৰনছনৰ ওপজা দিন । ১৮১২ চনৰ আজিৰ দিনটোতে নিউয়ৰ্কৰ নৰৱে চহৰত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী আছিল । অসমীয়া ভাষালৈ তেওঁৰ যুগান্তকাৰী অৱদান হ’ল অসমীয়া অভিধান । এইখনেই আছিল অসমীয়া ভাষাৰ প্ৰথম প্ৰকাশিত অভিধান । ইয়াত প্ৰায় ১৪,০০০ শব্দ সংকলিত হৈছিল । তেওঁ বাইবেলৰ ভালেখিনি অংশৰ অনুবাদ কৰাৰ লগতে কিছুমান স্তুতিও অসমীয়ালৈ অনুবাদ কৰিছিল । অসমত চৰকাৰী কামকাজত বাংলা ভাষাৰ প্ৰচলনৰ সপক্ষে তেতিয়াৰ অসমৰ শিক্ষাধিকাৰ ৰবিনচন চাহাবে ওকালতি কৰাত ব্ৰনছনে অকাট্য যুক্তিৰে তাৰ প্ৰতিবাদ কৰি অসমত অসমীয়া ভাষা প্ৰচলনৰ হকে মাত মাতিছিল । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ ওপজা দিন । ১৮৯৮ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ । শ্ৰীহৰ্ষৰ ‘নৈষধ চৰিত’ আৰু সোমদেৱৰ ‘যশস্তিলক’ আদি গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰি তেওঁ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল । সেতুবন্ধ, ভাৰতীয় চিন্তা, অনুবাদৰ কথা, সাংখ্য দৰ্শন আদি তেওঁৰ গ্ৰন্থ । তেওঁ নিজে জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰি তাৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব লৈছিল । তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য । ১৯৩৭ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে । অসম সাহিত্য সভাই তেওঁক সদস্য মহীয়ান উপাধি প্ৰদান কৰে । ১৯৮৫ চনত মৰণোত্তৰভাৱে তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰে । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।