আজি বিখ্যাত ঔপন্যাসিক, গল্পকাৰ আৰ্নেষ্ট হেমিংৱেৰ ওপজা দিন । ১৮৯৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ইলিনয় প্ৰদেশৰ অ’ক পাৰ্কত তেওঁৰ জন্ম হয় । তেওঁ আছিল একাধাৰে ঔপন্যাসিক, গল্পকাৰ, সাংবাদিক আৰু খেলুৱৈ । মাথোঁ ১৬ বছৰ বয়সৰে পৰাই তেওঁ গল্প লিখিবলৈ লৈছিল । ১৯২৩ চনত তেওঁৰ প্ৰথমখন চুটিগল্পৰ সংকলন প্ৰকাশ পায়, নাম থ্ৰী ষ্টোৰীজ এণ্ড টেন পোৱেমছ । ১৯৫২ চনত তেওঁ লিখি উলিয়ায় তেওঁৰ বিখ্যাত উপন্যাস দ্য ওল্ড মেন এণ্ড ছী । এইখন উপন্যাসৰ বাবেই তেওঁ ১৯৫৪ চনত লাভ কৰে নোবেল বঁটা । সমালোচকসকলে এইখনক কাব্যিক উপন্যাস বুলিছে । তেওঁ জীৱন কালত অন্যান্য সাহিত্য কৰ্মৰ লগতে মুঠ দহখন উপন্যাস আৰু ১৯খন চুটিগল্পৰ সংকলন ৰচনা কৰে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ স্মৃতি দিৱস । পেছাত তেওঁ এগৰাকী আইনজীৱী আছিল । ১৮৮৫ চনৰ ২৮-৩১ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৮৯২ চনত এলাহাবাদত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাতো তেওঁ সভাপতিত্ব কৰিছিল । ১৯৬৫ চনত দাদাভাই নৰৌজীয়ে প্ৰতিষ্ঠা কৰা লণ্ডন ইণ্ডিয়ান ছোচাইটীৰো তেওঁ সাধাৰণ সম্পাদক হয় । ১৯০৬ চনৰ আজিৰ দিনটোত লণ্ডনৰ ক্ৰয়ডনত তেওঁৰ মৃত্যু হয় ।এইগৰাকী নেতালৈ আমাৰ প্ৰণাম ।