আজি বিশিষ্ট সাহিত্যিক তথা সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ স্মৃতি দিৱস । ১৯২২ চনৰ আজিৰ দিনটোতে গোলাঘাটত তেওঁৰ জন্ম হৈছিল । ১৯৪৬ চনত তেওঁ ‘দৈনিক অসমীয়া’ কাকতত উপ-সম্পাদকৰূপে যোগদান কৰে । পিছত কাকতখন বন্ধ হৈ যোৱাত ১৯৪৮ চনত ‘নতুন অসমীয়া’ কাকতখনত সহকাৰী সম্পাদকৰূপে যোগদান কৰি ১৯৫৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰে । তাৰ মাজতে তেওঁ ‘ৰামধেনু’ আলোচনীৰ সম্পাদনাতো জড়িত হৈছিল । ১৯৬১ চনত তেওঁ আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰত বাৰ্তা-সম্পাদক হিচাপে যোগদান কৰে । ১৯৬৫ চনত তেওঁ ‘দৈনিক অসম’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে যোগদান কৰে । ১৯৮৬ চনত কাকতখনৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো তেওঁ ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্ব লয় । তেওঁ অনুবাদ সাহিত্য, ব্যংগ সাহিত্য, শিশু সাহিত্য আৰু নাট্য সাহিত্যলৈও বৰঙণি আগবঢ়ায় । দাপোণৰ দেশত এলিচ (এলিচ ইন দ্য গ্ৰাছলেণ্ড), এহেজাৰ এনিশাৰ সাধু (এৰাবিয়ান নাইটছ), ‘হুঁচৰি এ হাও’, ‘ফুটুকাৰ ফেন’, ‘অসমীয়া সাংবাদিকতা, অসম আৰু নেতৃত্ব’ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । ১৯৮৮ চনত হাইলাকান্দিত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৮৯ চনত তেওঁ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে । এইগৰাকী সাংবাদিক-সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰংমনৰ স্মৃতি দিৱস । ৰংমন ছদ্মনামেৰে জনপ্ৰিয় ৰহস্য সাহিত্যিকগৰাকীৰ প্ৰকৃত নাম আছিল ৰবীন দে । তেওঁ ৰচনা কৰা দস্যু ভাস্কৰ শৃংখলাৰ ৰহস্য উপন্যাসসমূহ আজিও জনপ্ৰিয় । ৬১খন উপন্যাসৰ সমষ্টি আছিল এই দস্যু ভাস্কৰ শৃংখলা । এই শৃংখলাৰ প্ৰথমখন উপন্যাস আছিল ‘দস্যু ভাস্কৰৰ আবিৰ্ভাৱ’ । ৭০-৮০ৰ দশকত এই শৃংখলাটোৱে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল । ‘কুঁৱলীৰ আঁৰে আঁৰে’ নামৰ উপন্যাসখনেৰে তেওঁ ৰহস্য সাহিত্যৰ জগতখনত খোজ দিছিল । তেওঁ আছিল এসময়ৰ জনপ্ৰিয় আলোচনী ‘ছোভিয়েট দেশ’ৰ অসমীয়া শাখাৰ প্ৰুফ ৰিডাৰ । ১৯৮০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । ৰহস্য সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি কবি হৰি বৰকাকতিৰ স্মৃতি দিৱস । আধুনিক অসমীয়া কবিসকলৰ ভিতৰত আগশাৰীৰ কবি আছিল তেওঁ । পঞ্চাশ আৰু ষাঠিৰ দশকত তেওঁৰ কবিতাই অসমীয়া কাব্য সাহিত্যক চহকী কৰিছিল । সাগৰ বালিৰ খোজ, চিনাকি চিনাকি গোন্ধ, কাগজৰ নাও, ছিলেক্টেড পোৱেমছ আদি তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ । ২০০৬ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।