আজি বিশিষ্ট সাহিত্যিক ডঃ লীলা গগৈৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে এগৰাকী সাহিত্যিক, বুৰঞ্জীবিদ আৰু শিক্ষাবিদ । তেওঁ আকাশবাণী গুৱাহাটীত কিছুদিন কাৰ্যনিৰ্বাহ কৰাৰ উপৰি গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় আৰু অৱশেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে । তেওঁ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰো সঞ্চালক আছিল । ১৯৯৪ চনত মৰিগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । হেৰোৱা দিনৰ কথা, বুৰঞ্জীয়ে পৰশা নগৰ, বেলি মাৰ গ’ল আদি তেওঁৰ বুৰঞ্জীমূলক গ্ৰন্থ । আহোম জাতি আৰু অসমীয়া সংস্কৃতি, বিহু : এটি সমীক্ষা, টাই সংস্কৃতিৰ ৰূপৰেখা আদি সংস্কৃতিমূলক গ্ৰন্থ । ৰম্য ৰচনা কপলিং ছিগা ৰেল, বিয়েৰিং চিঠি, বৃকোদৰ বৰুৱাৰ বিয়া, ঘেৰঘেৰী বাছ আদি । শিশু-গ্ৰন্থ সোণতৰা, ৰংমনৰ কথা, অনুপম কোঁৱৰৰ সাধু আদি । তদুপৰি সৰগৰ মুকুতা, নীলা খামৰ চিঠি, নৈ বৈ যায়, গীতি মালঞ্চ আদি অন্যান্য গ্ৰন্থ । তেওঁ অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী বঁটাৰ উপৰি ‘সীমান্তৰ মাটি আৰু মানুহ’ গ্ৰন্থৰ বাবে ইউনেস্কোৰ পৰাও বঁটা লাভ কৰে । ১৯৯৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি অগ্ৰণী স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ ওপজা দিন । ১৮৫৬ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ ৰত্নগিৰীত তেওঁৰ জন্ম হয় । তেওঁৰ প্ৰকৃত নাম আছিল কেশৱ গংগাধৰ তিলক । তেওঁ আছিল স্বৰাজ মোৰ জন্মস্বত্ব বাণীৰ স্ৰষ্টা । তেওঁ লোকমান্য উপাধিৰে পৰিচিত । ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ত্ৰিমূৰ্তি হিচাপে খ্যাত লাল-বাল-পালৰ এজন আছিল তেওঁ । এইগৰাকী স্বাধীনতা সংগ্ৰামীলৈ আমাৰ প্ৰণাম ।