আজি সমাজকৰ্মী, শিক্ষাব্ৰতী তথা নাৰীবাদী লেখিকা ডঃ অনিমা গুহৰ স্মৃতি দিৱস । তেওঁ অসমত নাৰীৰ সম-অধিকাৰৰ হকে কাম কৰিছিল । নাৰী অধিকাৰ সংগঠন ‘নিৰ্যাতন বিৰোধী মঞ্চ’ৰ সভানেত্ৰী হিচাপে তেওঁ বহু কাম কৰিছিল । তেওঁ প্ৰগতিশীল বিচাৰধাৰাৰ অনুগামী আছিল । তেওঁ ১৯৫২ চনৰ পৰা ১৯৬০ চনলৈ অভয়াপুৰী বালিকা হাই স্কুল আৰু ধুবুৰী বালিকা হাই স্কুলত শিক্ষকতা কৰিছিল । তেওঁ শিক্ষাসদী হিচাপে পোনপটীয়াকৈ কোনো উচ্চ শিক্ষানুষ্ঠানৰ সৈতে জড়িত নহ’লেও ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰিছিল । তেওঁ ১৯৮০-৮৪ চনত কাউন্সিল অব ছাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চৰ পুল অফিচাৰ আছিল । তেওঁ ইউজিচিৰ ৰিছাৰ্চ এছোচিয়েট হিচাপেও কাম কৰিছিল । তেওঁ কুৰি শতিকাৰ ষাঠিৰ দশকৰ পৰাই লেখা-মেলা আৰম্ভ কৰে । এমুঠি অভিজ্ঞতা, মানুহ চিত্ৰশালাত, সোঁতৰ বিপৰীতে, নীল আকাশৰ তলত আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । অনুবাদ গ্ৰন্থ বাঙালীৰ ইতিহাস, পূৰ্বাঞ্চল চফৰ, নিৰ্বাচিত কলম আৰু পৰিণীতা । স্বামী ডঃ অমলেন্দু গুহৰ সৈতে যুটীয়াভাৱে তেওঁ ছৈয়দ আব্দুল মালিকৰ জনপ্ৰিয় উপন্যাস ‘সূৰুজমুখীৰ স্বপ্ন’ বাংলা ভাষালৈ অনুবাদ কৰিছিল । ২০২১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । নাৰীবাদী লেখিকাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নাম আছিল ভিনচেণ্ট ৱীলেম ভেন গঘ । তেওঁৰ মাথোঁ ৩৭ বছৰীয়া জীৱন কালত এটা দশকতে তেওঁ দুহেজাৰতকৈও অধিক শিল্পকৃতিৰ সৃষ্টি কৰিছিল । তাৰ ভিতৰত আত্ম-প্ৰতিকৃতি, ছানফ্লাৱাৰ্ছ, দ্য নাইট কেফে, প্ৰাকৃতিক দৃশ্যৰ চিত্ৰ আদি উল্লেখযোগ্য । ১৮৮৫ চনত তেওঁ জীৱনৰ প্ৰথমখন উল্লেখযোগ্য চিত্ৰ দ্য পটেটো ইটাৰ্ছ অংকন কৰে । তেওঁ উদ্বিগ্নতাৰে ভৰা এক অস্থিৰ জীৱন যাপন কৰিছিল । ১৮৯০ চনত তেওঁ ফ্ৰান্সৰ উভাৰ্ছ-ছাৰ-আইজত গুলীয়াই আত্মঘাতী হয় । এইগৰাকী চিত্ৰশিল্পীলৈ আমাৰ প্ৰণাম ।
আজি শিক্ষাবিদ, সমাজ সংস্কাৰক তথা লেখক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ স্মৃতি দিৱস । তেওঁ সংস্কৃত ভাষা আৰু সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল বাবে বিদ্যাসাগৰ উপাধি লাভ কৰে । তেওঁৰ প্ৰকৃত নাম আছিল ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায় । তেওঁৰ বাংলা আৰু ইংৰাজী ভাষাতো বিশেষ ব্যুৎপত্তি আছিল । তেঁৱেই প্ৰথম বাংলা লিপিৰ সংস্কাৰ সাধন কৰিছিল । তেওঁক বঙালী গদ্যৰ সাৰ্থক ৰূপকাৰ বুলি কোৱা হয় । সংস্কৃত, হিন্দী আৰু ইংৰাজীৰ পৰা তেওঁ বহু ৰচনা বাংলালৈ অনুবাদ কৰিছিল । ব্ৰজবিলাস, বিনয় পত্ৰিকা, আখ্যান মঞ্জৰী, বৰ্ণ পৰিচয় আদি তেওঁৰ মৌলিক গ্ৰন্থ ।তেওঁ বিধৱা বিবাহ, স্ত্ৰীশিক্ষাৰ প্ৰচলনৰ দৰে বিষয়সমূহৰ বাবে সংগ্ৰাম কৰাৰ লগতে বহুবিবাহ আৰু বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিসমূহৰ দূৰীকৰণৰ বাবেও যুঁজ দিছিল । ১৮৯১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সমাজ সংস্কাৰকগৰাকীলৈ আমাৰ প্ৰণাম ।