আজি বিশিষ্ট সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ ওপজা দিন । ১৮৯৯ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে এগৰাকী কবি, ঔপন্যাসিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, ভাষা-সাহিত্যৰ গৱেষক তথা সাহিত্য সমালোচক । তেওঁ অসমীয়াৰ উপৰি ইংৰাজী ভাষাতো সাহিত্য ৰচনা কৰিছিল । অসমীয়া সাহিত্যত তেওঁক ইন্দ্ৰধনুৰ কবি বুলি কোৱা হয় । তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ডেৰ কুৰিৰো অধিক । মালিকা, সঁফুৰা, ইন্দ্ৰধনু আদি তেওঁৰ কবিতা পুথি । বৈষ্ণৱ ধৰ্মৰ আতিগুৰি, আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, সাহিত্যৰ জিলিঙনি আদি বিভিন্ন বিষয়ক পুথি । শিশুলীলা, ৰাসক্ৰীড়া, অকাল বসন্ত আদি নাটক । তেওঁ কেইবাবছৰো অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক আছিল । ১৯৬৫ চনত নলবাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । তেওঁ যোৰহাট নৰ্মাল স্কুলৰ অধ্যক্ষ আছিল । অসম আন্দোলনৰ সময়ত তেওঁৰ ‘মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন’ বাক্য শাৰীয়ে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু জাতীয়তাবোধ জগাই তুলিছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতি দিৱস । বাংলা সাহিত্যক তেওঁ জাকত জিলিকা কৰি থৈ গৈছে । তেওঁ আছিল এগৰাকী কবি, গল্পকাৰ, ঔপন্যাসিক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ তথা দাৰ্শনিক । তেওঁৰ ‘গীতাঞ্জলি’ কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ ন’বেল বঁটা লাভ কৰিছিল । তেওঁ বিশ্বৰ একমাত্ৰ কবি, যিয়ে দুখন স্বাধীন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল । ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জনগণ মন’ৰ উপৰি তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ‘আমাৰ সোণাৰ বাংলা’ও ৰচনা কৰিছিল । তেওঁক বাংলা সাহিত্যত চুটিগল্পৰ জন্মদাতা বুলিও গণ্য কৰা হয় । ১৮৭৭ চনত মাথোঁ ১৬ বছৰ বয়সতে তেওঁ প্ৰথম চুটিগল্প আৰু নাটক ৰচনা কৰে । তেওঁ জীৱনৰ প্ৰথমটো কবিতা লিখিছিল মাথোঁ আঠ বছৰ বয়সতে । পিছলৈ তেওঁ ভানুসিংহ ছদ্মনামেৰেও কিছু কবিতা লিখিছিল । তেওঁ ৰচনা কৰা গীতবোৰ ৰবীন্দ্ৰ সংগীত হিচাবে পৰিচিত । তেওঁ এগৰাকী সংগীতজ্ঞৰ উপৰি চিত্ৰশিল্পীও আছিল । ১৯৪১ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । কবিগুৰুলৈ আমাৰ প্ৰণাম ।