আজি গল্পকাৰ, ঔপন্যাসিক তথা সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ স্মৃতি দিৱস । তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল এগৰাকী সাংবাদিক হিচাপে । ১৯৫৫ চনত তেওঁ দ্য আছাম ট্ৰিবিউন কাকতত সহঃ সম্পাদক হিচাপে যোগদান কৰে । ১৯৬৩ চনত তেওঁ দ্বি-সাপ্তাহিক বাতৰি কাকত ‘অসম বাতৰি’ৰ সম্পাদক হয় । তাৰ পিছত ১৯৬৭ চনৰ পৰা সুদীৰ্ঘ ১৯ বছৰ তেওঁ অসম প্ৰকাশন পৰিষদৰ সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰে । তেওঁৰ কাৰ্যকালতে ১৯৮৪ চনত ঐতিহ্যমণ্ডিত গুৱাহাটী গ্ৰন্থমেলাৰ আৰম্ভণি হয় ।১৯৮৮ চনৰ পৰা ১৯৯৩ চনলৈ তেওঁ নতুন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হয় । তেওঁ মণিদীপ, অসমীয়া, প্ৰকাশ আৰু গৰীয়সীৰো সম্পাদক আছিল । ৰামধেনু আলোচনীৰ পাতত তেওঁ সাহিত্যিক জীৱন আৰম্ভণি কৰিছিল । মায়ামৃগ, নাচপতি ফুল, অংগীকাৰ আদি তেওঁৰ গল্প সংকলন । মন্দাক্ৰান্তা, উত্তৰকাল, তোৰে মোৰে আলোকৰে যাত্ৰা আদি তেওঁৰ উপন্যাস । অন্যান্য গ্ৰন্থৰ ভিতৰত দৃষ্টিকোণ, আমেৰিকাৰ চিঠি, অসমীয়া বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস আদি উল্লেখযোগ্য । ১৯৯৫ চনত তেওঁৰ মহাৰথী উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০০২ চনত লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা । ১৯৯৯ চনত হাজোত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ২০০৬ চনৰ আজিৰ দিনটোতে তেওঁ দেহাৱসান ঘটে । সাহিত্যিক, সাংবাদিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ ওপজা দিন । ১৯৩৪ চনৰ আজিৰ দিনটোতে সোণাৰীত তেওঁৰ জন্ম হৈছিল । চল্লিছ-পঞ্চাশৰ দশকত কলিকতা আৰু পিছলৈ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ তেওঁ নিয়মীয়া শিল্পী আছিল । তেওঁ কমল নাৰায়ণ চৌধুৰী, ভূপেন হাজৰিকা আৰু দিলীপ শৰ্মাৰ সৈতে অনেক যুগজয়ী গীতত কণ্ঠদান কৰিছে । বিষ্ণুপ্ৰসাদ ৰাভাৰ উদ্যোগত ১৯৪৩ চনত তেওঁৰ প্ৰথম ৰেকৰ্ড প্ৰকাশ পাইছিল । এতিয়াও তেওঁৰ সংগীতৰ চৰ্চা অব্যাহত আছে । তেওঁ ভূপেন হাজৰিকাৰ ভগ্নী আৰু গণশিল্পী দিলীপ শৰ্মাৰ পত্নী । শিল্পীগৰাকীলৈ যাচিলোঁ ওপজা দিনৰ ওলগ ।
আজি বৰগীতৰ সাধক শিল্পী নিকুঞ্জলতা মহন্তৰ স্মৃতি দিৱস । ১৯৭৫ চনত তেওঁ আকাশবাণী গুৱাহাটীত প্ৰথমবাৰৰ বাবে গীত পৰিৱেশন কৰে । বৰগীতসমূহক সত্ৰৰ মজিয়াৰ পৰা উলিয়াই আনি দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিয়াত তেওঁ বিশেষ ভূমিকা লৈছিল । তেওঁ আছিল গীতিকাৰ কেশৱ মহন্তৰ পত্নী আৰু কণ্ঠশিল্পী মনজ্যোৎস্না মহন্তৰ মাতৃ । ২০১৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।