আজি ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম অম্বালাল ছাৰাভাইৰ ওপজা দিন । ১৯১৯ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বোম্বে প্ৰেছিডেন্সিৰ আহমেদাবাদত তেওঁৰ জন্ম হৈছিল । তেওঁক আধুনিক ভাৰতীয় মহাকাশ গৱেষণাৰ পিতৃ পুৰুষ হিচাপে গণ্য কৰা হয় । ১৯৪৭ চনত তেওঁৰ প্ৰচেষ্টাতে স্থাপন হৈছিল ভৌতিক গৱেষণাগাৰ (পিআৰএল), য’ত তেওঁ মহাজাগতিক ৰশ্মিৰ বিষয়ে গৱেষণা কৰিছিল । পিছলৈ এই প্ৰতিষ্ঠানটোৱে এম জি বিজ্ঞান প্ৰতিষ্ঠান হিচাপে আহমেদাবাদত প্ৰতিষ্ঠা হয় । বিজ্ঞান আৰু গণিতক জনপ্ৰিয় কৰাৰ বাবে তেওঁ ১৯৬০ চনত বিক্ৰম অম্বালাল ছাৰাভাই সামূহিক বিজ্ঞান কেন্দ্ৰ স্থাপন কৰে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা স্থাপন কৰাটো তেওঁৰ অমৰ কীৰ্তি । তেওঁ তেওঁ দেশৰ প্ৰথমটো বজাৰ গৱেষণা সংস্থা অপাৰেচন ৰিছাৰ্চ গ্ৰুপৰ জন্ম দিয়ে । তদুপৰি তেওঁ প্ৰতিষ্ঠা কৰে কালাপক্কমৰ ফাষ্টাৰ ব্ৰিডিং টেষ্ট ৰিয়েক্টৰ, হায়দৰাবাদৰ ইলেকট্ৰনিক্স কো-অপাৰেচন অব ইণ্ডিয়া লিমিটেড, ঝাৰখণ্ডৰ ইউৰেনিয়াম কো-অপাৰেচন অব ইণ্ডিয়া লিমিটেড ইত্যাদি । ১৯৬৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান প্ৰদান কৰে । তেওঁ শান্তিস্বৰূপ ভাটনগৰ বঁটাও লাভ কৰে । বিজ্ঞানীগৰাকীলৈ আমাৰ প্ৰণাম ।