আজি বিশিষ্ট সাহিত্যিক তথা চলচ্চিত্ৰ পৰিচালক ভবেন্দ্ৰনাথ শইকীয়াৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ, শিশু-সাহিত্যিক, প্ৰবন্ধকাৰ, সমালোচক, চিত্ৰনাট্যকাৰ আদি । তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত ডক্টৰেট কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল । ৰম্যভূমি, দীনবন্ধু, স্বৰ্ণজয়ন্তী আদি তেওঁৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক । অন্তৰীপ, ৰম্যভূমি আদি উপন্যাস । আতংকৰ শেষত তেওঁৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস । প্ৰহৰী, সেন্দূৰ, গহ্বৰ আদি গল্প সংকলন । মৰমৰ দেউতা, তোমালোক ভালে থাকা, মহাদুষ্টৰ দুষ্ট বুদ্ধি আদি শিশু-গ্ৰন্থ । জোনাকী, দেউতা, আগন্তুক, শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট আদি অনাতাঁৰ নাটক । জীৱনবৃত্ত, জীৱন-ৰেখা আদি আত্মজীৱনী । সন্ধ্যাৰাগ তেওঁৰ প্ৰথম চলচ্চিত্ৰ । তদুপৰি অগ্নিস্নান, কোলাহল, সাৰথি আদি প্ৰতিখন অসমীয়া চলচ্চিত্ৰৰ বাবেই তেওঁ ৰজতকমল বঁটা লাভ কৰিছিল । কালসন্ধ্যা তেওঁৰ একমাত্ৰ হিন্দী চলচ্চিত্ৰ । তেওঁ প্ৰান্তিক আৰু সঁফুৰাৰ সম্পাদক আছিল । তেওঁ প্ৰহৰী, সত্যপ্ৰিয় পাঠক, সঞ্জয় আদি ছদ্মনামেৰেও লিখা-মেলা কৰিছিল, বিশেষকৈ ব্যংগ সাহিত্য । ব্যংগ সাহিত্যৰ ভিতৰত নিতান্ত ঘৰুৱা, লাই লফা লটং-পটং, কনফাৰেন্সৰ দোকান আদি উল্লেখযোগ্য । তেওঁ সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা আদি অনেক সন্মান লাভ কৰে । ২০০৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । বিশিষ্ট সাহিত্যিক তথা চলচ্চিত্ৰ পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি আধুনিক ধাত্ৰীবিদ্যাৰ বাটকটীয়া ফ্লোৰেন্স নাইটিংগেলৰ স্মৃতি দিৱস । তেওঁ এগৰাকী পৰিসংখ্যাবিদ তথা সমাজ সংস্কাৰকো আছিল । ১৮৫৩ চনৰ পৰা ১৮৫৬ চনলৈ চলা ক্ৰিমিয়াৰ যুদ্ধৰ সময়ত আহত সৈনিকসকললৈ আগবঢ়োৱা সেৱাৰ বাবে তেওঁ জগৎবিখ্যাত । নিশা লেম্পৰ পোহৰতো তেওঁ আহত সৈনিকসকলক শুশ্ৰূষা কৰা বাবে তেওঁক লেডী ৱীথ দ্য লেম্প বুলি কোৱা হৈছিল । ১৮৬০ চনত লণ্ডনৰ ছেইণ্ট থমাছ হাস্পতালত তেওঁ নাৰ্ছিং স্কুল স্থাপন কৰি আধুনিক ধাত্ৰীবিদ্যা শিক্ষাৰ পাতনি মেলিছিল । এইখনেই আছিল বিশ্বৰ প্ৰথমখন পেছাদাৰী ধাত্ৰীবিদ্যা শিক্ষাৰ প্ৰতিষ্ঠান । সেইবাবে নতুনকৈ কামত নিয়োজিত নাৰ্ছসকলে তেওঁৰ সন্মানত ‘নাইটিংগেল শপত’ গ্ৰহণ কৰে । তেওঁৰ স্মৃতিতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাত্ৰীবিদ্যাৰ সৰ্বোচ্চ সন্মান ফ্লোৰেন্স নাইটিংগেল পদক প্ৰদান কৰা হয় । ১৯১০ চনৰ আজিৰ দিনটোতে লণ্ডনত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী মহীয়সীলৈ আমাৰ প্ৰণাম ।