আজি ভাৰতীয় আধ্যাত্ম সাধক তথা দাৰ্শনিক শ্ৰী অৰৱিন্দৰ ওপজা দিন । ১৮৭২ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হয় । তেওঁৰ সম্পূৰ্ণ নামটো আছিল শ্ৰী অৰৱিন্দ ঘোষ । তেওঁ শিশু কালতে শিক্ষা লাভৰ বাবে ইংলেণ্ডলৈ যায় আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ট্ৰাইপছ পাছ কৰে । বিদেশৰ পৰা উভতি আহিয়েই তেওঁ ব্ৰিটিছ বিৰোধী আন্দোলনত জঁপিয়াই পৰে । স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ কংগ্ৰেছৰ চৰমপন্থী গোটৰ নেতৃত্ব দিছিল । তেওঁ মুঠ ৩২খন গ্ৰন্থ ৰচনা কৰে আৰু তাৰ ভিতৰত ৬ খন বাংলা ভাষাৰ । তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত The Life Divine, Essays on Gita, কাৰা কাহিনী, ধৰ্ম ও জাতীয়তা আদি উল্লেখযোগ্য । বিশিষ্ট ব্যক্তিগৰাকীলৈ জনালোঁ আমাৰ প্ৰণাম ।