আজি মহান সন্ত তথা ধৰ্মাচাৰক ৰামকৃষ্ণ পৰমহংসৰ স্মৃতি দিৱস । তেওঁৰ প্ৰকৃত নাম আছিল গদাধৰ চট্টোপাধ্যায় । তেওঁ আছিল মানৱতাৰ পূজাৰী । তেওঁ কঠোৰ সাধনাৰ পিছত এই সিদ্ধান্তত উপনীত হৈছিল যে সকলো ধৰ্মই একেই, কোনো ভিন্নতা নাই; ঈশ্বৰপ্ৰাপ্তিৰ সাধনহে ভিন্ন । ৰামকৃষ্ণ পৰমহংসৰে পৰম শিষ্য আছিল স্বামী বিৱেকানন্দ । ১৮৮৬ চনৰ আজিৰ দিনটোতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । সন্তগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট কবি অটল বিহাৰী বাজপায়ীৰ স্মৃতি দিৱস । তেওঁ পাঁচ দশকৰো অধিক কাল সাংসদ হিচাপে দেশৰ সেৱা কৰিছিল । তেওঁ দহবাৰ লোকসভাৰ আৰু দুবাৰ ৰাজ্যসভাৰ সদস্য আছিল । তেওঁ দুবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল । তেওঁ আছিল এটা সম্পূৰ্ণ কাৰ্যকাল কটোৱা দেশৰ প্ৰথমগৰাকী অনা-কংগ্ৰেছী প্ৰধানমন্ত্ৰী । তেওঁৰ কাৰ্যকালতেই অসমৰ প্ৰথমগৰাকী ভাৰতৰত্ন সন্মানপ্ৰাপক গোপীনাথ বৰদলৈক এই সন্মান প্ৰদান কৰা হৈছিল । তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ ২৪ দিনৰ বাবে গ্ৰেপ্তাৰ বৰণ কৰিছিল । এগৰাকী কবি তথা গদ্য লেখক হিচাপেও তেওঁৰ বিশেষ খ্যাতি আছে । জাতীয় একীকৰণ, ভাৰতৰ পৰৰাষ্ট্ৰ নীতিৰ নতুন মাত্ৰা, সংকল্প কাল আদি তেওঁৰ গদ্য সংকলন । মেৰী ইকিয়াভানা কবিতাম, একৈশ কবিতা, চুনী হুই কবিতা আদি তেওঁৰ কাব্যগ্ৰন্থ । ২০১৫ চনত তেওঁক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয় । ১৯৯২ চনত তেওঁ পদ্মবিভূষণ সন্মান লাভ কৰে । ২০১৮ চনৰ আজিৰ দিনটোতে দিল্লীত তেওঁৰ দেহাৱসান ঘটে । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।