আজি কণ্ঠশিল্পী খগেন মহন্তৰ ওপজা দিন । ১৯৪২ চনৰ আজিৰ দিনটোতে নগাঁও জিলাৰ জাজৰি বগৰীগুৰিত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী জনপ্ৰিয় গায়ক, সুৰকাৰ আৰু গীতিকাৰ । তেওঁৰ গীতৰ সুৰৰ আধাৰ আছিল অসমীয়া লোকসংগীত । চহাৰ মুখৰ পৰা বুটলি আনি বিহুগীতক জনপ্ৰিয় কৰি তোলাত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । বিহুগীত পৰিৱেশনৰ দক্ষতাৰ বাবে তেওঁক বিহু সম্ৰাট বুলি কোৱা হয় । ১৯৬৫ চনৰ পৰাই তেওঁ আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত পৰিৱেশন কৰিবলৈ লয় । ১৯৭৬ চনত তেওঁ মিউজিক কম্পোজাৰ হিচাপে যোগদান কৰি ২০০১ চনত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ উপ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে । ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসে গঠন কৰা হাৰ্মনি গ্ৰুপৰ সদস্য হিচাপে তেওঁ সমগ্ৰ অসমতে শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম ক্ষণত ৰচনা কৰা ‘এয়ে মোৰ শেষ গান’ শীৰ্ষক গীতটিত তেওঁ সুৰাৰোপ কৰাৰ উপৰি নিজেই কণ্ঠদান কৰিছিল । কলৰে পাততে কাউৰী পৰে, এজাৰ ফুলা দেখি, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুঁজি দিলোঁ আদি তেওঁৰ কণ্ঠৰ জনপ্ৰিয় গীত । তেওঁ ২৩খন অসমীয়া চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰিছিল । মেঘমুক্তি, মইনাজান আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল ।শকুন্তলা চলচ্চিত্ৰত তেওঁ অভিনয়ো কৰিছিল । ১৯৯২ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে ।তেওঁ কণ্ঠশিল্পী অৰ্চনা মহন্তৰ পতি আৰু অংগৰাগ মহন্তৰ পিতৃ আছিল । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি ভাষাতত্ত্ববিদ তথা শিক্ষাবিদ টাবুৰাম টাইদৰ স্মৃতি দিৱস । মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল । তেওঁ কটন কলেজত অধ্যাপনা কৰাৰ পিছত অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন উচ্চ পদবীত যোগদান কৰে । তেওঁ আনন্দৰাম বৰুৱা ভাষা, কলা, সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী সঞ্চালক আছিল । তেওঁ মিচিং আগম কেবাঙৰো (মিচিং সাহিত্য সভা) প্ৰতিষ্ঠাপক সভাপতি আছিল । তেওঁ অসমীয়া, ইংৰাজী আৰু মিচিং ভাষাত অনেক প্ৰবন্ধ-পাতি লিখিছিল । একুকি নিবন্ধ, Glimpses, Mising Gompir Kumsung (মিচিং অভিধান) আদি প্ৰণয়ন কৰিছিল । তেওঁক মিচিং আগম কেবাঙে আগম মিগাং উপাধি প্ৰদান কৰে । ২০১১ বৰ্ষত তেওঁ অসম চৰকাৰৰ চুকাফা বঁটা লাভ কৰে । ২০১৯ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । বিশিষ্ট ভাষাতত্ত্ববিদগৰাকীলৈ আমাৰ প্ৰণাম ।