আজি কবি অমূল্য বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল আধুনিক অসমীয়া প্ৰগতিশীল কবিতাৰ বাটকটীয়া । অসমীয়া কবিতাত তেওঁ এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল বাবে তেওঁক ‘কালান্তৰৰ কবি’ বুলি কোৱা হয় । তেওঁ আৱাহন আলোচনীত কবিতা লিখিবলৈ লৈছিল । তেওঁ ‘ৰদ’লি সভা’ নামেৰে এখন আলোচনীৰ সম্পাদনা কৰি তাত ‘যোগসূত্ৰ’ নামৰ এটি বিপ্লৱী কবিতা লিখিছিল । তেওঁ মাৰ্ক্সীয় দৰ্শনত বিশ্বাসী আছিল । তেওঁ মুখ্যতঃ জয়ন্তী আলোচনীৰ পাতত কবিতা লিখি অসমীয়া কবিতালৈ এক নতুনত্বৰ ধাৰা বোৱাই আনিছিল । কুকুৰ, বেশ্যা, বিপ্লৱী, আন্ধাৰৰ হাহাকাৰ আদি তেওঁৰ প্ৰগতিশীল কবিতাবোৰে তেওঁক সাহিত্যই জগতত সুকীয়া আসন দিছে । তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশিত ‘অচিনা’ তেওঁৰ একমাত্ৰ কবিতা পুথি । ১৯৪৬ চনৰ ১৮ আগষ্ট তাৰিখে কলিকতাত পঢ়ি থকা অৱস্থাতে সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ মাত্ৰ ২৪ বছৰ ১ মাহ আৰু ১৮ দিন বয়সতে তেওঁ মৃত্যুক আকোৱালি ল’বলগীয়া হয় । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি নাট্যকাৰ, অভিনেতা তথা ৰাজনীতিক লক্ষ্যধৰ চৌধুৰীৰ স্মৃতি দিৱস । তেওঁ একাধাৰে এগৰাকী কবি, জীৱনীকাৰ, সাংবাদিক, চলচ্চিত্ৰ পৰিচালকো আছিল । সোতৰ বছৰ বয়সতে তেওঁ ‘একলব্য’ নামৰ নাটক এখন ৰচনা কৰি অভিনয়ো কৰিছিল । তেওঁৰ জনপ্ৰিয় নাটকসমূহৰ ভিতৰত নিমিলা অংক, ৰক্ষকুমাৰ আদি উল্লেখযোগ্য । তেওঁৰ আন এখন বিখ্যাত গ্ৰন্থ ‘মানুহ বিচাৰি’ । ভাৰতীয় ভাষা পৰিষদৰ দ্বাৰা সন্মানিত হৈছিল এই গ্ৰন্থখন । তদুপৰি মইনামতী, ভিন্ন জন ভিন্ন মন আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল । তেওঁ গুৱাহাটী পৌৰসভাৰ সভাপতি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হোৱাৰ উপৰি অসম বিধানসভাৰো সদস্য হৈছিল । মানুহ হিচাপে তেওঁ অতি ৰসিক আছিল । তেওঁ ১৯৯২ চনত গোৰেশ্বৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । ২০০০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ ওপজা দিন । ১৯৩৩ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ পাণবজাৰত তেওঁৰ জন্ম হৈছিল । গুৱাহাটী অনাতাঁৰ কেন্দ্রযোগে প্ৰচাৰিত পৰশুৰাম নাটকৰ যোগেদি তেওঁ বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল । তেওঁ লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিছন বিষয়ত পেছাদাৰী প্ৰশিক্ষণ লৈছিল । ১৯৬০ চনত তেওঁ অসম জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰে । তেওঁ ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ (জ্যোতি চিত্ৰবন) প্ৰতিষ্ঠাপক সঞ্চালক আছিল । তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে দুবাৰকৈ জুৰীৰ সদস্য হৈছিল । তেওঁ আকাশবাণীৰ কাৰ্যবাহী প্ৰযোজক (নাটক) আছিল । তেওঁ শকুন্তলা, লটিঘটি, চিকমিক বিজুলী, ভিলেজ ৰকষ্টাৰ্ছ আদি বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছিল । গুৱাহাটী দূৰদৰ্শনৰ তেজাল ঘোঁৰা তেওঁ পৰিচালনা কৰা এখন জনপ্ৰিয় ধাৰাবাহিক । তেওঁ ৩৫খনতকৈও অধিক তথ্যচিত্ৰ আৰু চুটিছবি নিৰ্মাণ কৰিছিল । তেওঁ ৰেডিঅ’ নাটকৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকতো অভিনয় কৰিছিল । শিল্পীগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।