আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অভিনেতা জ্ঞানদাভিৰাম বৰুৱাৰ ওপজা দিন । ১৮৮০ চনৰ আজিৰ দিনটোতে নগাঁৱৰ ফৌজদাৰীপট্টীত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল গুণাভিৰাম বৰুৱাৰ কনিষ্ঠ পুত্ৰ । তেওঁ লণ্ডনত উচ্চ শিক্ষা গ্ৰহণ কৰি কলিকতাত কিছুদিন ওকালতি কৰাৰ পিছত অসমৰ দ্বিতীয়খন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰ্ল ল কলেজৰ অধ্যক্ষ হিচাপে যোগদান কৰে । পিছলৈ তেওঁ অসম চিভিল ছাৰ্ভিচৰ চাকৰিত নিযুক্ত হয় । তেওঁ ১৯৩৩ চনত উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । বেজবৰুৱা, সুখীয়া হ’বৰ উপায়, সাহিত্য কথা, স্বদেশ আৰু স্বজনপ্ৰীতি আদি তেওঁৰ প্ৰকাশিত পুথি । দদাইৰ পঁজা, ভেনিচৰ সাউদ, বুঢ়ী আইৰ সাধু (ইংৰাজীলৈ) আদি তেওঁৰ অনুবাদ গ্ৰন্থ । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ওপজা দিন । ১৯০৪ চনৰ আজিৰ দিনটোতে শিৱসাগৰত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা তথা নাট্যকাৰ । ছাত্ৰাৱস্থাতেই তেওঁ থুপিতৰা নামৰ এখন হাতেলিখা আলোচনী উলিয়াইছিল । ১৯৪০ চনত তেওঁ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ ‘ৰূপহী’ নিৰ্মাণ কৰে । ১৯৬১ চনত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সংগীত সন্মিলনত তেওঁ সভাপতিত্ব কৰিছিল । মৌ টোকাৰী, লখিমী, সোণৰ সোলেং, কলা সংস্কৃতি, সমিধান, জোনাকী মেল আদি তেওঁৰ প্ৰকাশিত পুথি । তেওঁৰ লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া, সেউজী পাহাৰত আদি জনপ্ৰিয় গীত । গীতিকবিলৈ আমাৰ প্ৰণাম ।
আজি কবি অজিৎ বৰুৱাৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামীও আছিল । তেওঁ জেংৰাই কবি অভিধাৰে জনাজাত । চল্লিছৰ দশকত তেৰ বছৰ বয়সতে তেওঁ ‘মন মোৰ নাথাকে ইয়াত’ নামৰ কবিতাৰে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল । তেওঁক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি বুলি কোৱা হয় । এগৰাকী গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ হিছাপেও তেওঁ খ্যাত । কবিতা পুথি ‘কিছুমান পদ্য আৰু গান’ৰ বাবে তেওঁ ভাৰতীয় ভাষা পৰিষদ পুৰস্কাৰ লাভ কৰে । ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি চলচ্চিত্ৰ তথা মঞ্চ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ ওপজা দিন । ১৯২৮ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ আমোলাপট্টীত তেওঁৰ জন্ম হৈছিল । তেওঁ অসমৰ মীনা কুমাৰী হিচাপে খ্যাত । ফণী শৰ্মাৰ প্ৰস্তাৱ মৰ্মে তেওঁ ছিৰাজ চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে সমাজে তেওঁলোকৰ ঘৰখনক এঘৰীয়া কৰিছিল । তেওঁ নিমিলা অংক, মানৱ আৰু দানৱ, ৰাংঢালী আদি প্ৰায় ১৪খন চলচ্চিত্ৰত অভিনয় কৰিছিল । তেওঁ নটৰাজ থিয়েটাৰতো অভিনয় কৰিছিল । তদুপৰি অনাতাঁৰ কেন্দ্ৰত ঘোষিকা আৰু নাট্যশিল্পী হিচাপেও কাম কৰিছিল । তেওঁ আইদেউ সন্দিকৈ বঁটা, কলাগুৰু বিষ্ণু ৰাভা বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছিল । শিল্পীগৰাকীলৈ প্ৰণাম ।