আজি প্ৰথিতযশা সাংবাদিক কুলদীপ নায়াৰৰ স্মৃতি দিৱস । তেওঁ এগৰাকী ৰাজনৈতিক বিশ্লেষক হিচাপেও প্ৰসিদ্ধ । দেশ-বিদেশৰ ৮০খন কাকত-আলোচনীত তেওঁৰ লেখা প্ৰকাশ পাইছিল, তাকো বেলেগ বেলেগ ১৪টা ভাষাত । অৱশ্যে তেওঁ প্ৰায়ে ইংৰাজী ভাষাতে লিখে । ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত তেওঁ নিজৰ জন্মস্থান পাকিস্তানৰ শিয়ালকোট এৰি আহি দিল্লীত স্থায়ীভাৱে থাকিবলৈ লয় । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নৰ্থৱেষ্টাৰ্ন ইউনিভাৰ্চিটিৰ মেডিল স্কুল অব জাৰ্ণেলিজমৰ পৰা ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ দিল্লীৰ পৰা প্ৰকাশিত দৈনিক আনজাম নামৰ উৰ্দু কাকত এখনত ৰিপোৰ্টাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলি দৈনিক ষ্টেটছমেন কাকতৰ আৱাসিক সম্পাদক হিচাপে সুদীৰ্ঘ দিন সেৱা আগবঢ়ায় । তেওঁক ভাৰত চৰকাৰে ১৯৯০ চনত লণ্ডনত ভাৰতৰ উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়ে । ১৯৯৭ চনত তেওঁ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয় । তেওঁৰ বহুপঠিত আত্মজীৱনী বিয়ণ্ড দ্য লাইনছ । Between the line, India after Nehru, Tragedy of Punjab, Wall at Wagah আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ২০১৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাংবাদিকগৰাকীলৈ আমাৰ প্ৰণাম ।