আজি দেশৰ স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদ ৰাজগুৰুৰ ওপজা দিন । ১৯০৮ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বোম্বাই প্ৰেছিডেন্সিৰ খেড়ত তেওঁৰ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল শিৱৰাম হৰি ৰাজগুৰু । তেওঁ হিন্দুস্তান ছোচিয়েলিষ্ট ৰিপাব্লিকান এছোচিয়েছনৰ এগৰাকী সক্ৰিয় সদস্য আছিল । ছাইমন আয়োগৰ বিৰোধিতাৰে সমদল যাত্ৰা কৰা লালা লাজপট ৰায়ক আৰক্ষীয়ে কোবাই কোবাই হত্যা কৰাৰ পোতক তুলিবলৈ ১৯২৮ চনৰ ১৭ ডিচেম্বৰত এগৰাকী আৰক্ষী বিষয়াক হত্যা কৰাৰ অপৰাধত ১৯৩১ চনৰ ২৩ মাৰ্চৰ দিনা ব্ৰিটিছ চৰকাৰে তেওঁক তেওঁৰ দুই সহযোগী ভগৎ সিং আৰু সুখদেৱ থাপৰৰ সৈতে ফাচি দিয়ে । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।