আজি মাদাৰ টেৰেছাৰ ওপজা দিন । ১৯১০ চনৰ আজিৰ দিনটোতে অট্টোমান সাম্ৰাজ্যৰ কছ’ভ’ বিলায়েটৰ স্কপেজত তেওঁৰ জন্ম হৈছিল । তেওঁৰ আচল নাম আছিল এগনেছ গোঞ্জা বোজাজিউ । তেওঁ আছিল খ্ৰীষ্টান ধৰ্মৰ কেথলিক পন্থাৰ এগৰাকী নান । পিছলৈ তেওঁ ভাৰতলৈ আহি ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰে আৰু কলিকতাত মিছনেৰীজ অব চেৰিটী স্থাপন কৰে । ১৯৫০ চনৰ পৰা দুখীয়া, অনাথ, ৰোগী আদিৰ সহায়ৰ হকে কাম কৰা মিছনেৰীজ অব চেৰিটীৰ পিছলৈ সমগ্ৰ বিশ্বতে প্ৰসাৰ ঘটিছিল । ১৯৭৯ চনত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰে । ১৯৮০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰে । তেওঁ পদ্মশ্ৰী, ৰমণ মেগছেছে বঁটাকে ধৰি অনেক বঁটা লাভ কৰিছিল । এইগৰাকী সমাজসেৱিকালৈ আমাৰ প্ৰণাম ।