আজি বিশিষ্ট অভিনেতা গুণ মহন্তৰ স্মৃতি দিৱস । তেওঁ অভিনয় কৰা প্ৰথম চলচ্চিত্ৰ ১৯৯৪ চনত মুক্তি পোৱা অগ্নিগড় । তাৰ পিছত আঢ়ৈ কুৰিতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰে । তদুপৰি ডেৰশতাধিক মঞ্চনাট, শতাধিক ভিচিডি, আঠখন তথ্যচিত্ৰ আৰু দহখনৰো অধিক অনাতাঁৰ নাটত অভিনয় কৰে । কন্যাদান, অধিনায়ক, উজনিৰ দুজনী গাভৰু, দীনবন্ধু আদি তেওঁ অভিনয় কৰা জনপ্ৰিয় চলচ্চিত্ৰ । ২০১৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । অভিনেতাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্তৰ স্মৃতি দিৱস । তেওঁ আছিল আকাশবাণী গুৱাহাটীৰ বি-হাই গ্ৰেড স্বীকৃতি লাভ কৰা প্ৰথমগৰাকী শিল্পী । আধুনিক গীত, ভক্তিমূলক গীত, বিহুগীতৰ উপৰি তেওঁ চলচ্চিত্ৰৰ গীততো কণ্ঠদান কৰিছিল । তেওঁ স্বামী খগেন মহন্তৰ সৈতে গোৱা দ্বৈত কণ্ঠৰ গীতসমূহো জনপ্ৰিয় । শালিকী অ’ অবুজন চৰাইজনী, হোমৰ জুই জ্বলিছে, অ’ ফুলপাহ হালিছ জালিছ আদি তেওঁৰ কণ্ঠৰ জনপ্ৰিয় গীত । একাধিক নাটকতো অভিনয় কৰাৰ উপৰি তেওঁ অষ্টম শ্ৰেণীতে মাটিৰ স্বৰ্গ নামৰ এখন চলচ্চিত্ৰতো অভিনয় কৰিছিল । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।