আজি বিশিষ্ট লেখিকা অমৃতা প্ৰীতমৰ ওপজা দিন । ১৯১৯ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ পঞ্জাবৰ গুজৰাণৱালাত তেওঁৰ জন্ম হৈছিল । মুখ্যতঃ তেওঁ এগৰাকী ঔপন্যাসিক আৰু কবি আছিল । তেওঁ নিজৰ জীৱনকালত বিভিন্ন বিষয়ৰ প্ৰায় দুশখন গ্ৰন্থ ৰচনা কৰে । তেওঁ পাঞ্জাবী ভাষাত এইবোৰ ৰচনা কৰিছিল । ইয়াৰ প্ৰায়ভাগেই বিভিন্ন দেশী-বিদেশী ভাষালৈ অনূদিত হৈছে । তেওঁৰ এখন বিখ্যাত উপন্যাস পিঞ্জৰ । এই উপন্যাসখনৰ ভিত্তিতে ইতিমধ্যে এখন হিন্দী চলচ্চিত্ৰও নিৰ্মাণ হৈছে । ১৯৫৬ চনত তেওঁ সুনেহে নামৰ এটা সুদীৰ্ঘ কবিতাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৮২ চনত কাগজ তে কেনভাছ নামৰ উপন্যাসখনৰ বাবে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰে । ১৯৬৯ চনত তেওঁ পদ্মশ্ৰী আৰু ২০০৪ চনত পদ্মবিভূষণ তথা সাহিত্য অকাডেমি ফেলোশ্বিপ লাভ কৰে । লেখিকাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট স্বাস্থ্যবিদ তথা শিক্ষাবিদ মাৰিয়া মণ্টেছৰীৰ ওপজা দিন । ১৮৭০ চনৰ আজিৰ দিনটোতে ইটালীৰ চিয়াৰাভেলত তেওঁৰ জন্ম হৈছিল । তেওঁ উদ্ভাৱন কৰা মণ্টেছৰী শিক্ষা পদ্ধতিৰ বাবে তেওঁ বিশ্ববিখ্যাত । প্ৰাথমিক শিক্ষাৰ এই পদ্ধতি আজি সমগ্ৰ বিশ্বতে প্ৰচলিত । তেওঁ আছিল ইটালীৰ প্ৰথমগৰাকী মহিলা চিকিৎসক । তেওঁ বিশ্ববিদ্যালয়ৰ মানসিক চিকিৎসা ক্লিনিকৰ সদস্য আছিল । ১৮৯৬ চনত ট্যুৰিণৰ শিক্ষা সংসদত বিশেষভাৱে সক্ষম শিশুসকলক প্ৰশিক্ষণৰ বাবে দিয়া ভাষণটো দেশখনৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে শুনি অভিভূত হৈ তেওঁক মানসিক সমৰ্থনৰ প্ৰয়োজন থকা শিশুহঁতৰ শিক্ষাদানত ব্ৰতী প্ৰতিষ্ঠান স্কুলা অৰ্টোফ্ৰেনিকাৰ সঞ্চালক হিচাপে নিযুক্তি দিয়ে । এইক্ষেত্ৰত তেওঁ আগবঢ়োৱা প্ৰস্তাৱসমূহেই আজিৰ মণ্টেছৰী শিক্ষা পদ্ধতি । এইগৰাকী শিক্ষাবিদলৈ আমাৰ প্ৰণাম ।