আজি কবি নলিনীধৰ ভট্টাচাৰ্যৰ স্মৃতি দিৱস । তেওঁ এগৰাকী কবি, সমালোচক, অনুবাদক তথা শিক্ষাবিদ আছিল । তেওঁ প্ৰথমতে শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজত অসমীয়া বিষয়ৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে যদিও ১৯৬০ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজত যোগদান কৰি তাৰ পৰাই ১৯৮৩ চনত অৱসৰ গ্ৰহণ কৰে । ১৯৭৯ চনত তেওঁৰ প্ৰথমখন কবিতাপুথি ‘এই কুঁৱলীতে’ প্ৰকাশ পায় । ছেৰাশালিৰ মালিতা, আহত সপোন, ননী ঘৰত আছেনে তেওঁৰ অন্যান্য কবিতা পুথি । মূল আৰু ফুল, কবিতাৰ কথা, মহৎ ঐতিহ্য আদি তেওঁৰ প্ৰবন্ধ সংকলন । দুই পুৰুষ, ডঃ ঝিভাগো, প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু সভ্যতা আদি অনুবাদ গ্ৰন্থ । ১৯৮৩ চনত তেওঁ দুই পুৰুষ গ্ৰন্থখনৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰে । ২০০২ চনত মহৎ ঐতিহ্য গ্ৰন্থখনৰ বাবে লাভ কৰে সাহিত্য অকাডেমি বঁটা । ২০০৬ চনত লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা । ২০১০ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য অভিধা প্ৰদান কৰে । ২০১৬ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি ‘দীনবান্ধৱী’ শুচিব্ৰতা ৰায়চৌধুৰীৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জ্যেষ্ঠ সন্তান । তেওঁ এগৰাকী সাহিত্যিক তথা প্ৰশাসনিক বিষয়া আছিল । তেওঁ অসম প্ৰশাসনিক সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া হোৱাৰ উপৰি অসমৰ প্ৰথমগৰাকী মহিলা ন্যায়িক দণ্ডাধীশ আছিল । অসম চৰকাৰৰ বিভিন্ন বিভাগত সুখ্যাতিৰে কাম কৰাৰ সমান্তৰালভাৱে দীন, হীনসকলৰ সহায় আৰু উন্নয়নৰ হকে তেওঁ বহু কাম কৰিছিল বাবে তেওঁক দীনবান্ধৱী অভিধা প্ৰদান কৰা হৈছিল । যুগৰ দাবী, গৰিমা, ত্ৰয়ী আদি তেওঁৰ নাটক, সপ্তপৰ্ণা, সোণালী পেৰা আৰু বুধিয়ক কোন তেওঁৰ উপন্যাস । মাথোঁ কথা, হাহাকাৰৰ গান, সুহুৰি আদি তেওঁৰ গীত তথা কবিতাৰ সংকলন । সুভিৰা জয়ছৱালৰ অৰিজিন এণ্ড ডেভেলপমেণ্ট অব বৈষ্ণৱিজম নামৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদ ‘বৈষ্ণৱ ধৰ্মৰ আতিগুৰি আৰু বিকাশ’ৰ বাবে তেওঁ ২০০১ চনত লাভ কৰে সাহিত্য অকাডেমি অনুবাদ বঁটা । সাহিত্যিক তথা সমাজসেৱিকাগৰাকীলৈ আমাৰ প্ৰণাম ।