আজি দৌৰবীৰ ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন । ১৯৪০ চনৰ আজিৰ দিনটোতে শিৱসাগৰত তেওঁৰ জন্ম হৈছিল । তেওঁ এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া । ১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰ শাখাত সোণৰ পদক লাভ কৰাৰ লগতে তেওঁ নতুন অভিলেখো স্থাপন কৰে । একেটা বছৰতে ভাৰত চৰকাৰে তেওঁক দেশৰ ক্ৰীড়া জগতৰ সন্মানীয় অৰ্জুন বঁটা প্ৰদান কৰে । তেওঁ অৰ্জুন বঁটা লাভ কৰাৰ ক্ষেত্ৰতো প্ৰথমগৰাকী অসমীয়া । তেওঁ ১৯৭০ চনত বেংককতে অনুষ্ঠিত এছিয়ান গেমছৰ ৪×৪০০ মিটাৰ দৌৰতো ৰূপৰ পদক লাভ কৰে । অসমত ১৯৮৪ চনৰ পৰাই প্ৰতিবছৰে ৩ ছেপ্টেম্বৰৰ দিনটো বলেন চক্ৰৱৰ্তী সম্পাদিত অসমীয়া ক্ৰীড়া আলোচনী ‘অভিৰুচি’ৰ উদ্যোগত ‘অভিৰুচি ক্ৰীড়া দিৱস’ হিচাপে ৰাজ্যিক ভিত্তিত পালন কৰি অহা হৈছে । অৰ্জুন বঁটা বাবে জয়ী দৌৰবিদগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।