আজি বৰেণ্য সাহিত্যিক লিঅ’ টলষ্টয়ৰ ওপজা দিন । ১৮২৮ চনৰ আজিৰ দিনটোতে ৰাছিয়ান সাম্ৰাজ্যৰ য়াছনায়া পলয়ানাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী ৰাছিয়ান সাহিত্যিক । তেওঁ নাটক আৰু প্ৰবন্ধও লিখিছিল যদিও মুখ্যতঃ তেওঁ উপন্যাস আৰু চুটিগল্পহে লিখিছিল । তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত ৱাৰ এণ্ড পীচ, আনা কাৰেনিনা, এ কনফেচন আদি উল্লেখযোগ্য । তেওঁৰ দ্য কিংডম অব গড ইজ ৱিদিন য়ু আদি ৰচনাত ফুটি উঠা অহিংসাৰ মহত্বৰ দ্বাৰা পৰৱৰ্তী কালত মোহনদাস কৰমচাঁদ গান্ধী, মাৰ্টিন লুথাৰ কিং (জুনিয়ৰ) আদি বহু ব্যক্তি প্ৰভাৱিত হৈছিল । টলষ্টয়ৰ জীৱনক লৈ ইতিমধ্যে কেইবাখনো চলচ্চিত্ৰ নিৰ্মান হৈছে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাহিত্যিক অতুলচন্দ্ৰ হাজৰিকাৰ ওপজা দিন । ১৯০৩ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি বিদ্যালয় পৰিদৰ্শকৰ দায়িত্বও পালন কৰি পিছলৈ তেওঁ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি টিৰ অধ্যাপক হয় । তেওঁ আছিল একাধাৰে কবি, নাট্যকাৰ, শিশু-সাহিত্যিক তথা মঞ্চৰ বুৰঞ্জী লেখক । সৰুৰে পৰাই সাহিত্যৰ প্ৰতি তেওঁৰ বিশেষ ৰাপ আছিল । বাঁহী আলোচনীত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথম কবিতা । তেওঁৰ মুকুতামালা, মণিমালা আদি প্ৰায় ডেৰকুৰি কবিতা পুথি প্ৰকাশ পাইছে । তেওঁৰ নাটকৰ সংখ্যা ২৮খন । অপ্ৰকাশিত অনাতাঁৰ নাট ১১খন । প্ৰায় ৩৭খন শিশু-গ্ৰন্থ ৰচনা কৰিছিল তেওঁ । অসমৰ মঞ্চৰ ইতিহাস বৰ্ণিত ‘মঞ্চলেখা’ গ্ৰন্থখনৰ বাবে তেওঁ ১৯৬৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । ভাৰত চৰকাৰে তেওঁক ১৯৭১ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে । ১৯৮২ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । ১৯৫৯ চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাহিত্যিক যোগেশ দাসৰ স্মৃতি দিৱস । ডুমডুমা হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ সংবাদ জগতৰ সৈতেও জড়িত আছিল । তেওঁ ‘নতুন অসমীয়া’ৰ উপ-সম্পাদক, ‘দৈনিক অসম’ৰ সহকাৰী প্ৰধান সম্পাদক, ‘প্ৰহৰী’ আৰু ‘অধিনায়ক’ৰ সম্পাদক হোৱাৰ উপৰি অসম সাহিত্য সভা পত্ৰিকাৰো সম্পাদক আছিল । পপীয়া তৰা, হাজাৰ লোকৰ ভিৰ আদি তেওঁৰ গল্প সংকলন । ডাৱৰ আৰু নাই, এমুঠি ধূলি, ৰজনী বিদূৰ আদি তেওঁৰ উপন্যাস । ১৯৮০ চনত তেওঁৰ ‘পৃথিৱীৰ অসুখ’ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯৪ চনত লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা । ১৯৯৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।