আজি সাহিত্যিক, সমালোচক তথা গৱেষক ডঃ সত্যেন্দ্ৰনাথ শৰ্মাৰ ওপজা দিন । ১৯১৭ চনৰ আজিৰ দিনটোতে শিৱসাগৰ জিলাৰ জাঁজি জৰাবাৰীত তেওঁৰ জন্ম হৈছিল । ১৯৫৫ চনত ‘নৱ-বৈষ্ণৱ আন্দোলন আৰু অসমৰ সত্ৰ অনুষ্ঠান’ শীৰ্ষক গৱেষণা পত্ৰৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰা সত্যেন্দ্ৰনাথ শৰ্মা পছাত এগৰাকী অধ্যাপক আছিল । গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাৰ উপৰি অৱসৰৰ পিছত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ‘জাতীয় প্ৰবক্তা’ হয় । ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ অসম গৱেষণা পৰিষদৰো সভাপতি আছিল । ‘জয়ন্তী’, ‘সুৰভি’ আদি আলোচনীত লিখিবলৈ আৰম্ভ কৰা সত্যেন্দ্ৰনাথ শৰ্মাৰ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ এক উল্লেখযোগ্য সাহিত্য কৃতি । তদুপৰি অসমীয়া নাট্য সাহিত্য, অসমীয়া উপন্যাসৰ গতিধাৰা, অসমীয়া কাহিনী কাব্যৰ প্ৰবাহ আদি তেওঁৰ সমালোচনামূলক গ্ৰন্থ । Epics & Puranas in Early Assamese Literature, A Socio-Economic & Cultural History of Medieval Assam, Education & Learning in Early Assam আদি তেওঁৰ ইংৰাজী ভাষাত লিখা গ্ৰন্থ । তেওঁ এগৰাকী ভাল অনুবাদকো আছিল । ১৯৭৫ চনত তিতাবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৯১ চনত অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰদান কৰে । ১৯৮৭ চনত অসম সাহিত্য সভাই তেওঁক ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান কৰে । এইগৰাকী গৱেষক, সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি ‘কাব্য ঋষি’ নীলমণি ফুকনৰ ওপজা দিন । ১৯৩৩ চনৰ আজিৰ দিনটোতে দেৰগাঁৱত তেওঁৰ জন্ম হৈছিল । ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ লোৱা নীলমণি ফুকনে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰে । তেওঁ এগৰাকী কলা সমালোচকো । এইক্ষেত্ৰত ৰূপ বৰ্ণ বাক, লোক কল্পদৃষ্টি, শিল্পকলাৰ দৰ্শন আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ প্ৰসাৰ ঘটোৱা নীলমণি ফুকনৰ কাব্যগ্ৰন্থসমূহৰ ভিতৰত সূৰ্য হেনো নামি আহে এই নদীয়েদি, গোলাপী জামুৰ লগ্ন, নৃত্যৰতা পৃথিৱী আদি অন্যতম । পাতি সোণাৰুৰ ফুল আৰু পাহৰিব নোৱাৰিলোঁ যি তেওঁৰ আত্মজীৱনী । ১৯৮১ চনত কবিতা নামৰ কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯০ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে । ১৯৯৭ চনত লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা । ২০২০ চনত তেওঁ লাভ কৰে ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ বঁটা জ্ঞানপীঠ বঁটা । এই বঁটা লাভ কৰা তেওঁ হৈছে তৃতীয়গৰাকী অসমীয়া সাহিত্যিক । কবি, সমালোচকগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।