আজি আচাৰ্য বিনোবা ভাৱেৰ ওপজা দিন । ১৮৯৫ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বোম্বাই প্ৰেছিডেন্সিৰ পেনৰ গেগোডেত তেওঁৰ জন্ম হৈছিল । তেওঁৰ প্ৰকৃত নাম আছিল বিনায়ক নৰহৰি ভাৱে । ভূদান আন্দোলনৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত । তেওঁ পদব্ৰজে সমগ্ৰ ভাৰত ভ্ৰমি জমিদাৰসকলক আবেদন জনাইছিল তেওঁলোকৰ ভূসম্পত্তিৰ এক ষষ্ঠাংশ ভূমিহীন লোকক দান দিবলৈ । তেওঁ আছিল অহিংসা আৰু মানৱাধিকাৰৰ প্ৰবক্তা তথা সমৰ্থক । তেওঁক গান্ধীজীৰ আধ্যাত্মিক উত্তৰাধিকাৰী বুলি কোৱা হয় । তেওঁ মদ্ভগৱৎগীতাখন ‘গীতাঈ’ অৰ্থাৎ মা গীতা নামেৰে মাৰাঠী ভাষালৈ অনুবাদ কৰিছিল । তদুপৰি দ্য এচেন্স অব কুৰআন, থটছ অব এডুকেচন, স্বৰাজ্য শাস্ত্ৰ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । ১৯৫৮ চনত তেওঁ সন্মানীয় ৰমণ মেগছেছে বঁটা লাভ কৰে । ১৯৮৩ চনত ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰে । এইগৰাকী মহান ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি প্ৰসিদ্ধ লেখক ডি এইছ লৰেন্সৰ ওপজা দিন । ১৮৮৫ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ নটিংহাশ্বায়াৰৰ ইষ্ট উডত তেওঁ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল ডেভিদ হাৰবাৰ্ট ৰিছাৰ্ডছ লৰেন্স । তেওঁ আছিল ঊনবিংশ শতিকাৰ এগৰাকী ইংৰাজ কবি, নাট্যকাৰ, প্ৰবন্ধকাৰ তথা সাহিত্য সমালোচক । তেওঁৰ বহুপঠিত উপন্যাস হ’ল লেডী ছাটাৰ্লীজ লাভাৰ, ছনছ এণ্ড লাভাৰ্ছ, উইমেন ইন লাভ ইত্যাদি । তেওঁৰ বহুপ্ৰশংসিত গল্পসংকলনসমূহৰ ভিতৰত দ্য প্ৰুচিয়ান অফিচাৰ এণ্ড আদাৰ ষ্টোৰিজ বিশেষভাৱে উল্লেখযোগ্য । লাভ পোৱেমছ এণ্ড আদাৰছ, নিউ পোৱেমছ আদি তেওঁৰ কাব্য গ্ৰন্থ । তেওঁ চিত্ৰকলাৰ প্ৰতিও আকৰ্ষিত আছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।