আজি বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ মহেশ্বৰ নেওগৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে সাহিত্যিক, বুৰঞ্জীবিদ, লোক-সংস্কৃতিৰ গৱেষক তথা প্ৰাচ্যতত্ত্ববিদ । তেওঁক অসমত শংকৰদেৱ চৰ্চাৰ বাটকটীয়া বুলিও কোৱা হয় । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ ইতিহাসৰ সৈতেও জড়িত আছিল । ১৯৪৮ চনত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱাত তেওঁ তাৰ অসমীয়া বিভাগৰ প্ৰথমগৰাকী প্ৰবক্তা নিযুক্ত হয় । ১৯৫৫ চনত তেওঁৰ গৱেষণা পত্ৰ Sankardeva and His Times ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে । কিছুদিন তেওঁ ৰামধেনু আলোচনীৰো সম্পাদনা কৰিছিল । ১৯৭৪ চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । অসম সাহিত্য সভাই তেওঁক সদস্য মহীয়ান সন্মানো প্ৰদান কৰে । তেওঁ অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে । ‘জীৱনৰ দীঘ-বাণি’ তেওঁৰ আত্মজীৱনী । ১৯৯৫ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । বৰেণ্য ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।