আজি বিশ্ববিশ্ৰুত কবি ডাণ্টেৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল ডাণ্টে এলিয়েগিৰি । তেওঁ আছিল ইটালীৰ বিশ্ববিখ্যাত ৰোমাণ্টিক কবি তথা দাৰ্শনিক । তেওঁৰ জীৱনৰ মাথোঁ ন বছৰ বয়সতে ঘটিছিল সেই বিখ্যাত প্ৰেমৰ ঘটনাটো । তেওঁ মন-প্ৰাণ উজাৰি দিছিল তেওঁৰ সমবয়সীয়া ৰূপহী প্ৰেয়সী বিয়েট্ৰিছ ওৰফে বাইচক । কিন্তু মনত গভীৰ প্ৰেম সাঁচি ৰাখিও তেওঁ বাইচক নিজৰ কৰি ল’ব নোৱাৰিলে । তাৰেই ফচল কেইবাটাও বিখ্যাত কবিতা, য’ত বাইচৰ নামো উল্লেখ আছিল । তেওঁৰ দ্বাৰা ৰচিত বিশ্ববিখ্যাত গ্ৰন্থকেইখন হ’ল ডিভাইন কমেডি, কনভিভিয় আৰু দ্য মনাৰকিয়া । ১৩২১ চনৰ আজিৰ দিনটোতে ভেনিচত তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।