আজি বিশিষ্ট চিত্ৰশিল্পী মকবুল ফিডা হুছেইনৰ ওপজা দিন । ১৯১৫ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বোম্বাই প্ৰেছিডেন্সিৰ পাধৰপুৰত তেওঁৰ জন্ম হৈছিল । তেওঁ এম এফ হুছেইন নামেৰে অধিক খ্যাত । ১৯৫২ চনত তেওঁৰ প্ৰথম একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল ছুইজাৰলেণ্ডৰ জুৰিখ চহৰত । ১৯৬৬ চনত তেওঁ নিজৰ প্ৰথমখন চলচ্চিত্ৰ ‘থ্ৰু দ্য আইজ অব আ পেইণ্টাৰ’ নিৰ্মাণ কৰে । চলচ্চিত্ৰখনে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন বেয়াৰ পদক লাভ কৰে । তদুপৰি তেওঁৰ আন এখন চলচ্চিত্ৰ ‘গজগামিনী’ । এই চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল ডঃ ভূপেন হাজৰিকাই । ভাৰত চৰকাৰে তেওঁক ১৯৫৫ চনত পদ্মশ্ৰী, ১৯৭৩ চনত পদ্মভূষণ আৰু ১৯৯১ চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।