আজি বিশিষ্ট সাহিত্যিক শীলভদ্ৰৰ ওপজা দিন । ১৯২৪ চনৰ আজিৰ দিনটোতে ধুবুৰীৰ গৌৰীপুৰত তেওঁৰ জন্ম হৈছিল । শীলভদ্ৰ তেওঁৰ পোছাকী নামহে, প্ৰকৃত নামটো আছিল ৰেৱতী মোহন দত্তচৌধুৰী । তেওঁ আছিল এগৰাকী গল্পকাৰ, ঔপন্যাসিক তথা শিক্ষাবিদ । ১৯৮২ চনত গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ গণিতৰ অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰা শীলভদ্ৰই ১৯৬৪ চনত ‘অসম বাতৰি’ কাকতত ‘অভিযোগ’ নামৰ এটা গল্পৰে সাহিত্যিক হিচাপে আত্মপ্ৰকাশ কৰে । তেওঁ প্ৰায় ২৬খনমান গল্প পুথি ৰচনা কৰে । তৰুৱা কদম, ৰতুবাবুৰ গেৰেজ, মধুপুৰ বহুদূৰ আদি তেওঁৰ গল্প সংকলন । ১৯৭১ চনত প্ৰকাশিত ‘মধুপুৰ আৰু তৰংগিনী’ তেওঁৰ প্ৰথম উপন্যাস । আগমনিৰ ঘাট, প্ৰাচীৰ, অবিচ্ছিন্ন আদি তেওঁৰ উপন্যাস । তেওঁৰ বহু গল্প, উপন্যাস বিভিন্ন ভাষালৈ অনূদিত হৈছে । ১৯৯০ চনত তেওঁ ভাৰতীয় ভাষা পৰিষদ বঁটা, ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা, ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা আদি বিভিন্ন বঁটা লাভ কৰে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট গৱেষক পণ্ডিত তথা শিক্ষাবিদ ডঃ বাণীকান্ত শৰ্মাৰ স্মৃতি দিৱস । গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ শৰ্মা আছিল অসমীয়া আৰু সংস্কৃত ভাষাৰ এগৰাকী পণ্ডিত । তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, Glimpses of Vedic literature, Brahmaputra valley civilization আদি গ্ৰন্থ সম্পাদনা কৰাৰ উপৰি এখন অসমীয়া অভিধানো প্ৰণয়ন কৰিছিল । এগৰাকী অনুবাদক হিচাপেও তেওঁৰ খ্যাতি আছিল । তেওঁ সৱিতা সভা, কামৰূপ অনুসন্ধান সমিতি, অসম সাহিত্য সভা আদি অনুষ্ঠানৰ সৈতে জড়িত আছিল । ২০২১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । পণ্ডিতগৰাকীলৈ আমাৰ প্ৰণাম ।