আজি শ্বহীদ ভোগেশ্বৰী ফুকননীৰ স্মৃতি দিৱস । তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ স্বেচ্ছাসেৱিকা আছিল । স্বাধীনতা আন্দোলনত যোগ দান কৰি তেওঁ কাৰাবাস খাটিবলগীয়াও হৈছিল । ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীত আহত হৈ তাৰ তিনিদিন পিছত ১৯৪২ চনৰ আজিৰ দিনটোতে তেওঁ শ্বহীদ হয় । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল স্বাধীনতা আন্দোলনৰ এগৰাকী সাহসী স্বেচ্ছাসেৱিকা । তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাহিনীত যোগদান কৰিছিল । ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ আহ্বানত গহপুৰ থানাত ব্ৰিটিছৰ পতাকা নমাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ চেষ্টা কৰোঁতে ১৯৪২ চনৰ আজিৰ দিনটোতে পুলিচৰ গুলীত শ্বহীদ হয় । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতি দিৱস । ১৯৪২ চনৰ আজিৰ দিনটোতে গহপুৰ থানাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা বৰুৱাই পুলিচৰ গুলীত ঢলি পৰিবলৈ লওতেই সমদলটোত কনকলতাৰ পিছতেই থকা মুকুন্দ কাকতিয়ে কনকলতাৰ হাতৰ পৰা জাতীয় পতাকাখন মাটিত পৰিব নিদি থাপ মাৰি লৈ থানা অভিমুখে অগ্ৰসৰ হওতেই মুকুন্দ কাকতিও পুলিচৰ গুলীত থিতাতে শ্বহীদ হয় । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক তথা সাহিত্যিক ৰাধানাথ ফুকনৰ ওপজা দিন । ১৮৭৮ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল অসমৰ প্ৰথমগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী ব্যক্তি । তেওঁ ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল । সাংখ্য দৰ্শন, বেদান্ত দৰ্শন, জন্মান্তৰৰ ৰহস্য, অসমীয়াৰ ভৱিষ্যত আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৯১৪ চনত ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়বাহাদুৰ খিতাপ প্ৰদান কৰিছিল । বৰেণ্য ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন । ১৯৪৩ চনৰ আজিৰ দিনটোতে মঙলদৈত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক ।১৯৭১ চনত বনৰীয়া ফুল চলচ্চিত্ৰত তেওঁ প্ৰথমবাৰৰ বাবে স্বকীয়ভাৱে সংগীত পৰিচালনা কৰে । তাৰ পিছত নিয়তি, ধৰ্মকাই, বৃষ্টি, নতুন আশা আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰে । তেওঁ ভ্ৰাম্যমাণ নাট্যদল লখিমী থিয়েটাৰতো সংগীত পৰিচালনা কৰিছিল । আগলি বতাহে কঁপালে কলৰে পাত, কেতিয়াবা বেজাৰতে, মোৰ মিনতি, এয়াতো নহয় অহাৰ সময় আদি তেওঁৰ জনপ্ৰিয় গীত । ১৯৭৭ চনত তেওঁ বানপীড়িত লোকৰ সাহায্যাৰ্থে সুৰ বাহিনী নামেৰে এটা অনুষ্ঠান গঢ়ি গীত গাই ধন সংগ্ৰহ কৰি সাহায্য দিছিল । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি স্বাধীনতা সংগ্ৰামী কুলধৰ চলিহাৰ ওপজা দিন । ১৮৮৭ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী আগশাৰীৰ স্বাধীনতা সংগ্ৰামী । তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমগৰাকী সভাপতি আছিল । অসম সাহিত্য সভাৰ সাংগঠনিক দিশতো তেওঁৰ অৱদান আছিল । এইগৰাকী পুৰোধা ব্যক্তিলৈ আমাৰ প্ৰণাম ।