VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
September 22, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

আজি বৰেণ্য অসমীয়া আনন্দৰাম ঢেকিয়াল ফুকনৰ ওপজা দিন । ১৮২৯ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল (অৱশ্যে তেওঁৰ জন্মৰ দিনটোক লৈ মতভেদ আছে) । দুবছৰ বয়সতে তেওঁ পিতৃহাৰা হৈছিল । পাঁচ বছৰ বয়সত তেওঁ উমানন্দৰ সংস্কৃত টোলত ভৰ্তি হয় যদিও খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭ চনত তেওঁ গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয় গৌহাটী ইংলিছ স্কুলত নামভৰ্তি কৰে । ১৮৪১ চনত দুগৰাকী ইংৰাজ বিষয়াই তেওঁক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায় । কিন্তু হিন্দু কলেজত দুবছৰ পঢ়াৰ পিচত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহিবলগীয়া হয় । গুৱাহাটীতে তেওঁ আইনৰ অধ্যয়ন কৰে আৰু ‘অৰুণোদই’ত নিয়মীয়াকৈ লিখিবলৈ লয় । অসমত বাংলাৰ সলনি অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম কৰাটো বিচৰা ঢেকিয়াল ফুকনে ইংৰাজী পাঠ্যপুথিৰ আধাৰত ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ লিখি উলিয়াইছিল । ১৮৫৩ চনত ব্ৰিটিছ গৱৰ্ণৰ মোফাট মিলছ অসমলৈ আহোঁতে অসমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাৰ প্ৰচলনৰ যুক্তি দাঙি ধৰিছিল আৰু মিলছেও তেওঁৰ যুক্তিক মানি লৈছিল । ১৮৫৫ চনত A Native ছদ্মনামেৰে A few remarks on the Assamese language, and on the vernacular education in Assam নামৰ গ্ৰন্থ এখন লিখি উলিয়াইছিল । অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলনৰ হকে অহোপুৰুষাৰ্থ কৰা এইগৰাকী বৰেণ্যলৈ আমাৰ প্ৰণাম ।

আজি চলচ্চিত্ৰ পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ ওপজা দিন । ১৯৩৭ চনৰ আজিৰ দিনটোতে নাজিৰাত তেওঁৰ জন্ম হৈছিল । ১৯৮৩ চনত ‘ঘৰ-সংসাৰ’ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালনাৰ জগতখনত ভৰি দিয়া শিৱপ্ৰসাদ ঠাকুৰে মুঠ দহখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল । বোৱাৰী, সোণ-মইনা, মন-মন্দিৰ আদি জনপ্ৰিয় চলচ্চিত্ৰ তেওঁ পৰিচালনা কৰিছিল । ১৯৮৪ চনত সোণ-মইনা চলচ্চিত্ৰখনৰ বাবে তেওঁ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল । পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি শিখ ধৰ্মৰ জনক তথা দহগৰাকী শিখ গুৰুৰ প্ৰথমগৰাকী গুৰু নানকৰ স্মৃতি দিৱস । শিখ ধৰ্ম প্ৰৱৰ্তন কৰি তেওঁ একেশ্বৰবাদৰ বাণী বিলাইছিল । গুৰু নানকৰ বাণীসমূহ শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ ‘গ্ৰন্থ চাহিব’ত সন্নিৱিষ্ট হৈ আছে । মুঠ ৯৭৪টা ঘোষা আছে এই গ্ৰন্থখনত । ১৫৩৯ চনৰ আজিৰ দিনটোতে তেতিয়াৰ মোগল সাম্ৰাজ্যৰ (বৰ্তমানৰ পাকিস্তান) কৰতাৰপুৰত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । গুৰুজনালৈ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

পিএফআইৰ বিৰুদ্ধে নিয়াৰ সর্ববৃহৎ অভিযান, অসমত ৯জনকে ধৰি দেশজুৰি গ্ৰেপ্তাৰ শতাধিক পিএফআইৰ নেতা -কর্মীক

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পিএফআইৰ বিৰুদ্ধে নিয়াৰ সর্ববৃহৎ অভিযান, অসমত ৯জনকে ধৰি দেশজুৰি গ্ৰেপ্তাৰ শতাধিক পিএফআইৰ নেতা -কর্মীক

পিএফআইৰ বিৰুদ্ধে নিয়াৰ সর্ববৃহৎ অভিযান, অসমত ৯জনকে ধৰি দেশজুৰি গ্ৰেপ্তাৰ শতাধিক পিএফআইৰ নেতা -কর্মীক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7