আজি স্বাধীনতা আন্দোলনৰ শ্বহীদ মদন বৰ্মন আৰু ৰাউতা কোচৰ স্মৃতি দিৱস । এওঁলোক আছিল ‘৪২ৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ । ১৯৪২ চনৰ আজিৰ দিনটোতে বজালীৰ জালাহত চলি থকা এখন সভাত পুলিচে গুলী চালনা কৰাৰ প্ৰতিবাদত উলিওৱা এটা সমদলক ৰিহাবাৰীত আগভেটি ধৰি পুলিচে গুলীচালনা কৰাত বজালী হাই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মদন বৰ্মন আৰু সাদেৰীৰ ৰাউতা কোচ শ্বহীদ হয় । শ্বহীদ দুগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি প্ৰগতিশীল নাৰীবাদী লেখিকা তথা সমাজ বিজ্ঞানী কমলা ভাচিনৰ স্মৃতি দিৱস । নাৰীবাদী নেটৱৰ্ক ‘সংগত’ৰ সৈতে জড়িত হৈ কৰা কামবোৰ আৰু তেওঁৰ জনপ্ৰিয় কবিতা ‘কিউকি ম্যে লড়কী হুঁ, মুঝে পঢ়না হ্যে’ৰ বাবে তেওঁ বিখ্যাত । ‘সংগত’ৰ সৈতে কাম কৰাৰ বাবে তেওঁ ২০০২ চনত ৰাষ্ট্ৰসংঘৰ চাকৰিও এৰি দিয়ে । আদিবাসী আৰু শ্ৰমিক শ্ৰেণীৰ অৱহেলিতা তথা অশিক্ষিতা মহিলাসকলৰ সৈতে কাম কৰিবলৈ তেওঁ পোষ্টাৰ, নাটক আৰু অন্যান্য পদ্ধতিৰ সহায় লৈছিল । তেওঁৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল ‘বোৰ্ডাৰ্ছ এণ্ড বাউণ্ডেৰিজ : ৱুইমেন ইন ইণ্ডিয়াজ পাৰ্টিচন’ । ২০২১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । লেখিকাগৰাকীলৈ আমাৰ প্ৰণাম ।