আজি বিশিষ্ট গণিতজ্ঞ তথা সাহিত্যিক ডঃ দিলীপ কুমাৰ দত্তৰ স্মৃতি দিৱস । তেওঁ আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ অধ্যাপক আছিল । তেওঁ আছিল ব্ৰিটিছ চৰকাৰৰ কমনৱেলথ ফেল’শ্বিপ লাভ কৰা প্ৰথমগৰাকী অসমীয়া ছাত্র । তেওঁৰ এক অন্যতম কৃতিত্ব আছিল এয়া যে বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰফুল্ল বালা ৰাভা, চাৰু বৰদলৈ, কমল নাৰায়ণ চৌধুৰী আদি বৰেণ্য শিল্পীৰ হেৰাই যাবলৈ ধৰা গীতসমূহ ডিজিটেল পদ্ধতিৰে তেওঁ সংৰক্ষণ কৰিছিল । ভূপেন হাজৰিকাৰ গীতসমূহৰ একত্ৰ সংকলন আৰু শিল্পীগৰাকীৰ জীৱনভিত্তিক গৱেষণামূলক গ্ৰন্থ ‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ’ তেওঁৰ বিশেষ কৃতি । শুভ দিনৰ নিৰ্ঘণ্ট, মনে মোৰ কইনা বিচাৰে, মিছ গৌহাটী, খোঁচা-বিন্ধা বুৰঞ্জী আদি তেওঁৰ জনপ্ৰিয় গ্ৰন্থ । ১৯৮৫ চনত প্ৰকাশিত তেওঁৰ ‘প্ৰেমত পৰিলোঁ নেকি ?’ হ’ল কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ । তেওঁ পোন প্ৰথমবাৰৰ বাবে ডিবৰু, বেঁকী আৰু কপিলী নামৰ তিনিটা অসমীয়া ফণ্ট নিৰ্মাণ কৰি অভিলেখ গঢ়িছিল । এই ফণ্টকেইটা কেৱল অসমীয়া ভাষাৰেই নহয়, সকলো ভাৰতীয় ভাষাৰেই প্ৰথম ফণ্ট আছিল । অৰ্থাৎ কম্পিউটাৰত ব্যৱহৃত প্ৰথম ভাৰতীয় ফণ্ট আছিল অসমীয়া । তাৰো কৃতিত্ব আছিল তেওঁৰেই । ২০১৯ চনৰ আজিৰ দিনটোতে তেওঁৰ আমেৰিকা যুক্তৰাষ্ট্ৰত দেহাৱসান ঘটে । গণিতজ্ঞ তথা সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা জনছ মহলীয়াৰ ওপজা দিন । ১৯৪৬ চনৰ আজিৰ দিনটোতে শোণিতপুৰ জিলাৰ চতিয়াৰ চেঙামাৰীত তেওঁৰ জন্ম হৈছিল । পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত শিক্ষা লাভ কৰা মহলীয়াৰ প্ৰথমখন চলচ্চিত্ৰ আছিল দূৰণিৰ ৰং । তাৰ পিছত বহাগৰ দুপৰীয়া, যুগান্তৰৰ তেজাল পুৱা আদি চলচ্চিত্ৰ তেওঁ নিৰ্মাণ কৰে । তেনেদৰে অনেক ফুলৰ সুৰভি, সুৰংগৰ শেষত, জীৱন জোনাক আদি তেওঁৰ দূৰদৰ্শন ধাৰাবাহিক । তেওঁ নতুন বেলি নামৰ এখন শিশু-আলোচনীও সম্পাদনা কৰিছিল । চলচ্চিত্ৰ নিৰ্মাতাগৰাকীলৈ আমাৰ প্ৰণাম ।