আজি বিশিষ্ট সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ ওপজা দিন । ১৯২২ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হয় । তেওঁ সৰুৰে পৰাই সংগীতৰ প্ৰতি বিশেষভাৱে অনুৰাগী আছিল । প্ৰথমতে তেওঁ কলিকতাত সংগীতৰ শিক্ষা গ্ৰহণ কৰে । তাৰ পিছত লক্ষ্ণৌৰ বিখ্যাত মেৰিছ কলেজত অধ্যয়ন কৰে । তাত তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পণ্ডিত কৃষ্ণ নাৰায়ণ ৰতনজনকৰ আৰু গোৱিন্দ নাৰায়ণ নাটুৰ অধীনত শিক্ষা গ্ৰহণৰ সুযোগ পায় । তেওঁ তাত সৰ্বভাৰতীয় ভিত্তিত অনুষ্ঠিত সংগীতৰ স্নাতক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি ‘ভাতখাণ্ডে মেমোৰিয়েল গোল্ড মেডেল’ লাভ কৰে । তেওঁ কলিকতাৰ সংগীতাচাৰ্য চিন্ময় লাহিড়ীৰ ওচৰতো সংগীতৰ শিক্ষা গ্ৰহণ কৰে । আকাশবাণীৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা বীৰেন্দ্ৰ কুমাৰ ফুকনে ‘সাংগীতিকী’ নামৰ সংগীত বিষয়ক তত্ত্বগধুৰ প্ৰবন্ধৰ সংকলন এখন অসমীয়া সংগীত জগতলৈ উপহাৰ দি গৈছে । তেওঁৰ আন এখন গ্ৰন্থ ‘স্বৰৰেখাত বৰগীত’ । তেওঁ গুৱাহাটীৰ ‘কনক-কালী সংগীত মহাবিদ্যালয়’ৰ অধ্যক্ষ আছিল । বিশিষ্ট সংগীত শিল্পী পাৰবিন চুলতানা, মন্দিৰা (শৰ্মা) লাহিড়ী, গাৰ্গী সিদ্ধান্ত আদিয়ে তেওঁৰ অধীনত শিক্ষা গ্ৰহণ কৰিছিল । সংগীতজ্ঞগৰাকীলৈ আমাৰ প্ৰণাম ।