আজি বিশিষ্ট সাহিত্যিক দেবেন্দ্ৰ নাথ আচাৰ্যৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী কবি, গল্পকাৰ, ঔপন্যাসিক তথা শিশু-সাহিত্যিক । তেওঁৰ উপন্যাসসমূহত ঘাইকৈ অসম বুৰঞ্জীৰ বিভিন্ন দিশ উদ্ভাসিত হৈ উঠিছিল । খড়গপুৰৰ বিখ্যাত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা বি টেক ডিগ্ৰী লৈ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপনা কৰে । তাৰ পিছত তেওঁ অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ উপ-নিৰ্দেশক আৰু অৱশেষত মৃত্যুৰ সময়লৈ অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি থাকে । অসম বুৰঞ্জীৰ আধাৰত তেওঁ কেইবাখনো উপন্যাস ৰচনা কৰে । ব্ৰিটিছৰ আগমনৰ সময়ৰ অসমৰ ছবিখন অংকন কৰা ‘অন্য যুগ অন্য পুৰুষ’ (১৯৭১) তেওঁৰ প্ৰথম উপন্যাস । কালপুৰুষ, ৰক্তৰাগ, ৰামধেনু কাৰ ধেনু, হাতীপটি চিকিমিকি আদি তেওঁ ৰচিত গ্ৰন্থ । ১৯৮৪ চনত তেওঁ মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰে তেওঁৰ জংগম নামৰ উপন্যাসখনৰ বাবে । কালপুৰুষ উপন্যাসখনৰ বাবে তেওঁ ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে । ৰামধেনু কাৰ ধেনু শিশু-পুথিৰ বাবে তেওঁ অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা লাভ কৰে । ১৯৮১ চনৰ আজিৰ দিনটোতে মাথোঁ ৪৪ বছৰ বয়সতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।