আজি বিশিষ্ট সমাজসেৱিকা, নাৰী অধিকাৰ কৰ্মী তথা লেখিকা এনি বেছান্তৰ ওপজা দিন । ১৮৪৭ চনৰ আজিৰ দিনটোতে লণ্ডনৰ ক্লেপহামত তেওঁৰ জন্ম হৈছিল । ১৮৯০ চনত তেওঁৰ হেলেনা ব্লাভাৎস্কিৰ সৈতে হোৱা পৰিচয় সূত্ৰে ব্ৰহ্মজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায় । পিছলৈ তেওঁ ব্ৰহ্মজ্ঞানী সমাজৰ সদস্যা হয় । ব্ৰহ্মচৰ্চাৰ কামতে তেওঁ ভাৰতলৈ আহে । ভাৰতত তেওঁ কেন্দ্ৰীয় হিন্দু স্কুল, মুম্বাইত হায়দৰাবাদ (সিন্ধু) জাতীয় কলেজিয়েট বোৰ্ড আদি স্থাপনত সহায় কৰে । তেওঁ ভাৰতীয় ৰাজনীতিতো জড়িত হৈ পৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে । তেওঁ ভাৰতত হোম ৰুল লীগ স্থাপন কৰে । ১৯১৭ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় । ১৯১৭ চনতে তেওঁ Women’s Indian Association স্থাপন কৰে, যি পিছলৈ All India Women’s Conference নামেৰে জনাজাত হয় । তেওঁ ৫০খনৰো অধিক শিক্ষানুষ্ঠান গঢ়ি তোলে । তেওঁৰ প্ৰচেষ্টাতে ভাৰতত স্কাউট এণ্ড গাইড কাৰ্যসূচীৰ সূচনা হয় । নেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।