VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
October 2, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
43
VIEWS
Share on FacebookShare on Twitter

আজি মহামানৱ মহাত্মা গান্ধীৰ ওপজা দিন । ১৮৬৯ চনৰ আজিৰ দিনটোতে গুজৰাটৰ পোৰবন্দৰত তেওঁৰ জন্ম হৈছিল । কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক প্ৰদান কৰা সন্মানসূচক ‘মহান আত্মা’ অভিধাৰ পৰাই তেওঁক মহাত্মা বোলা হয় । তেওঁৰ প্ৰকৃত নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী । তেওঁৰ নেতৃত্বত চলা স্বাধীনতা সংগ্ৰামৰ ফলতেই ভাৰতে ব্ৰিটিছৰ কৱলৰ পৰা মুক্ত হৈছিল । সেইবাবে তেওঁক জাতিৰ পিতা বা বাপু বুলি সম্বোধন কৰা হয় । তেওঁ আছিল সত্য আৰু অহিংসাৰ পূজাৰী । তেওঁ লিখা গ্ৰন্থসমূহৰ ভিতৰত ‘মোৰ সত্য অন্বেষণৰ কাহিনী’ (The Story of My Experience with Truth) অন্যতম । ১৯৬০ৰ দশকত ভাৰত চৰকাৰে তেওঁৰ ৰচনাৱলী (The Collected Works of Mahatma Gandhi) প্ৰকাশ কৰে । তেওঁৰ এই জন্মদিনটো সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস হিচাপে পালন কৰা হয় । বাপুজীলৈ আমাৰ প্ৰণাম ।

আজি স্বাধীনতা সংগ্ৰামী তথা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ওপজা দিন । ১৯০৪ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ মুগলসৰাইত তেওঁৰ জন্ম হৈছিল । জৱাহৰলাল নেহৰুৰ পিছত ১৯৬৪ চনৰ ৯ জুনৰ পৰা ১৯৬৬ চনৰ ১১ জানুৱাৰীলৈ তেওঁ দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত আছিল । ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত তেওঁৰ ‘জয় জোৱান, জয় কিষাণ’ শ্লোগানটি অতি জনপ্ৰিয় হৈছিল । ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি চুক্তি সম্পাদিত হোৱাৰ পিছদিনাই টাচখণ্ডত ১৯৬৬ চনৰ ১১ জানুৱাৰীত তেওঁক ৰহস্যজনকভাৱে মৃত অৱস্থাত পোৱা হয় । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি ‘বনকোঁৱৰ’ আনন্দিৰাম দাসৰ ওপজা দিন । ১৯০৯ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খাৰঘুলিত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী প্ৰসিদ্ধ গীতিকাৰ । তেওঁ সহস্ৰাধিক গীত ৰচনা কৰি থৈ গৈছে । ১৯৩৭ আৰু ১৯৩৯ চনত তেওঁৰ দুখন গীতৰ পুথি ক্ৰমে বিৰহী আৰু সুৰ-নিজৰা প্ৰকাশ পায় । তেওঁৰ নন্দন আৰু ৰক্তাঞ্জলি নামৰ আন দুখন অপ্ৰকাশিত গীতৰ পুথিও আছে । তেওঁ অসমীয়া চলচ্চিত্ৰ লাচিত বৰফুকন, পাৰঘাট, বদন বৰফুকন, ভক্ত প্ৰহ্লাদ আদিৰ বাবেও গীত লিখিছিল । মোহন মালতী তেওঁৰ একমাত্ৰ নাটক । বনগীত গাই তেওঁ খ্যাতি অৰ্জন কৰিছিল বাবে তেওঁক বনকোঁৱৰ আখ্যা দিয়া হয় ।তেওঁ ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ উপ-সভাপতিও আছিল । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি অসমৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ ওপজা দিন । ১৯৫১ চনৰ আজিৰ দিনটোতে নগাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী মেধাৱী ছাত্ৰ আছিল । তেওঁ নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক আছিল । গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষা প্ৰৱৰ্তনক লৈ হোৱা এক অবাঞ্ছিত বিবাদৰ বলি হৈ তেওঁ প্ৰাণ আহুতি দিবলগীয়া হয় । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

নৱ দুৰ্গাৰ সপ্তম ৰূপ কালৰাত্ৰি, আজি মহা সপ্তমী পূজা (কালৰাত্ৰি)

Next Post

সোণাৰিত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা সম্বলিত “জনকল্যাণকামী আঁচনি আৰু জনসাধাৰণৰ প্ৰত্যাশা” শীৰ্ষক গ্ৰন্থ উন্মোচন

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
সোণাৰিত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা সম্বলিত “জনকল্যাণকামী আঁচনি আৰু জনসাধাৰণৰ প্ৰত্যাশা” শীৰ্ষক গ্ৰন্থ উন্মোচন

সোণাৰিত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা সম্বলিত "জনকল্যাণকামী আঁচনি আৰু জনসাধাৰণৰ প্ৰত্যাশা" শীৰ্ষক গ্ৰন্থ উন্মোচন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7