আজি বিশিষ্ট কণ্ঠশিল্পী সন্ধ্যা মুখাৰ্জীৰ ওপজা দিন । ১৯৩১ চনৰ আজিৰ দিনটোতে কলিকতাৰ ঢাকুৰীয়াত তেওঁৰ জন্ম হৈছিল । তেওঁ ওস্তাদ বড়ে গোলাম আলী খানৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল । ১৯৫০ চনত ‘তাৰাণা’ চলচ্চিত্ৰৰ গীতত কণ্ঠদানেৰে তেওঁ বলীউডৰ জগতখনত খোজ দিয়ে । কিন্তু ব্যক্তিগত কাৰণত তেওঁ ১৯৫২ চনত কলিকতালৈ ঘূৰি আহে । হেমন্ত মুখাৰ্জী আৰু সন্ধ্যা মুখাৰ্জীৰ যুটী আজিও অতি জনপ্ৰিয় আৰু এই যুগমীয়া যুটীৰ কণ্ঠৰ গীত আজিও শ্ৰোতাৰ কাণত ৰৈ ৰৈ বাজি আছে । তেওঁ ডঃ ভূপেন হাজৰিকা পৰিচালিত ‘এৰা বাটৰ সুৰ’ চলচ্চিত্ৰৰ গীততো কণ্ঠদান কৰিছিল । চলচ্চিত্ৰখনৰ ‘জনকপুৰৰ জানকীয়ে মিচিকমাচাক হাঁহে’ গীতটিত তেওঁ ভূপেন হাজৰিকাৰ সৈতে কণ্ঠদান কৰিছিল । তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি অনেক স্বীকৃতি লাভ কৰে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।