আজি অসমৰ মাধ্যম আন্দোলনৰ শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস । তেওঁ আছিল মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ । কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিভাষা সূত্ৰ অনুসৰি অসমত ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া আৰু ইংৰাজীৰ উপৰি বাংলা ভাষাতো পৰীক্ষাৰ উত্তৰ লিখাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত ১৯৭২ চনৰ ৫ অক্টোবৰৰ দিনা আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ গৈ খাৰুপেটীয়াত তেওঁ দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় আৰু ৬ অক্টোবৰৰ দিনা চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট পদাৰ্থ বিজ্ঞানী তথা জ্যোতিৰ্বিজ্ঞানী মেঘনাদ সাহাৰ ওপজা দিন । ১৮৯৩ চনৰ আজিৰ দিনটোতে অবিভক্ত ভাৰতৰ (বৰ্তমান বাংলাদেশ) গাজীপুৰত তেওঁৰ জন্ম হৈছিল । তেওঁ সাহা আয়নীকৰণ তত্ত্ব, সাহা আয়নীভৱন সমীকৰণ, হিন্দু বৰ্ষপঞ্জী সংস্কাৰ, ভাৰতৰ নদী পৰিকল্পনা আদিৰ বাবে তেওঁ বিখ্যাত । ১৯৫২ চনত তেওঁ উত্তৰ-পশ্চিম কলিকতা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয় । ১৯২৭ চনত লণ্ডনৰ ৰয়েল ছোচাইটীয়ে পদাৰ্থ বিজ্ঞানৰ অৱদানৰ বাবে তেওঁক এফ আৰ এছ নিৰ্বাচিত কৰে । বিজ্ঞানীগৰাকীলৈ আমাৰ প্ৰণাম ।