আজি মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ স্মৃতি দিৱস । তেওঁ নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক আছিল । খেলা-ধূলা, সংগীত, নাটক আদিৰ প্ৰতিও তেওঁৰ বিশেষ ৰাপ আছিল । মাধ্যম আন্দোলনৰ সময়ত নগাঁও মহাবিদ্যালয়ত বঙালী ছাত্ৰ সমাজে কৰা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত তেওঁ কেইজনমান সতীৰ্থৰ সৈতে হোজাইলৈ গৈ বঙালী নেতাসকলৰ সৈতে কথা-বতৰা পাতে । তাতেই তেওঁ আক্ৰমণৰ সন্মুখীন হয় আৰু তাৰ পিছত ৰহস্যজনকভাৱে তেওঁৰ মৃতদেহ উদ্ধাৰ হয় । ১৯৭২ চনৰ আজিৰ দিনটোতে তেওঁ শ্বহীদ হয় । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সংগীত শিল্পী দিলীপ শৰ্মাৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা সংগীত পৰিচালক । ‘আৱাহন’ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ডাঃ দীননাথ শৰ্মা আছিল তেওঁৰ পিতৃ । ১৯৪২ চনত তেওঁৰ প্ৰথমখন গ্ৰামোফোন ৰেকৰ্ড উলিয়ায় এইচ এম ভি কোম্পানীয়ে । অসমত ৰবীন্দ্ৰ সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । তদুপৰি পত্নী সুদক্ষিণা শৰ্মাৰ সৈতে তেওঁ জ্যোতি সংগীতক জনপ্ৰিয় কৰি তোলাতো আগভাগ লৈছিল । অসম চৰকাৰে গঠন কৰা জ্যোতি সংগীতৰ স্বৰলিপিকৰণৰ গৱেষণা সমিতিৰ তেৱোঁ এগৰাকী সদস্য আছিল । ময়ো বনে যাওঁ স্বামী হে, ৰাতি পুৱাইলোৰে কুৰুৱাই পাৰে ৰাও আদি সুদক্ষিণা শৰ্মাৰ সৈতে দ্বৈত কণ্ঠৰ গীত আজিও জনপ্ৰিয় । তেওঁ পাৰঘাট, নিমিলা অংক আৰু চিকমিক বিজুলী চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰাৰ উপৰি অবুজ বেদনা চলচ্চিত্ৰৰ সংগীত পৰিচালনাও কৰিছিল । ২০০২ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ২০০৪ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।