আজি প্ৰখ্যাত সৰোদবাদক তথা শাস্ত্ৰীয় সংগীতজ্ঞ আমজাদ আলী খানৰ ওপজা দিন । ১৯৪৫ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত তেওঁৰ জন্ম হৈছিল । তেওঁৰ জন্মগত নাম আছিল মাছুম আলী খান । পিছত এগৰাকী সাধুৰ পৰামৰ্শ মতে তেওঁৰ নাম সলনি কৰি আমজাদ ৰখা হয় । সৰোদবাদক হিচাপে তেওঁৰ খ্যাতি বিশ্বজোৰা । ১৯৭৬ চনত অসম কন্যা তথা ভৰতনাট্যম শিল্পী শুভলক্ষ্মী বৰুৱাক বিয়া কৰোৱাৰ সূত্ৰে তেওঁ অসমৰ জোৱাই । ১৯৮৯ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ভাৰত চৰকাৰে তেওঁক ১৯৭৫ চনত পদ্মশ্ৰী, ১৯৯১ চনত পদ্মভূষণ আৰু ২০০১ চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰে । শিল্পীগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।
আজি প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱা ওৰফে পৰশুৰাম বৰুৱাৰ স্মৃতি দিৱস । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।