আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ ওপজা দিন । ১৯০২ চনৰ আজিৰ দিনটোতে বিহাৰৰ চাপৰা জিলাৰ সীতাৰদিয়াৰাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল দেশৰ এগৰাকী আগশাৰীৰ মুক্তি যুঁজাৰু । অসহযোগ আন্দোলনত যোগদান কৰাৰ বাবে তেওঁ কলেজীয়া শিক্ষা আধাতে এৰে । পিছত আমেৰিকালৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰে । ১৯৩০-৩২ চনত তেওঁ কংগ্ৰেছৰ সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল । স্বৰাজোত্তৰ কালতো তেওঁ সক্ৰিয় ৰাজনীতিত আছিল । জনতাৰ হকে নিজৰ জীৱন উৎসৰ্গিত কৰা বাবে তেওঁক লোকনায়ক বুলি কোৱা হয় । বাৰাণসীৰ ইনষ্টিটিউট অব গান্ধীয়ান ষ্টাডিজৰ তেওঁ প্ৰতিষ্ঠাপক আছিল । জন সেৱাৰ বাবে ১৯৬৫ চনত তেওঁ ৰমণ মেগছেছে বঁটা লাভ কৰে । ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত ৰত্ন সন্মান প্ৰদান কৰে । মহান নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ ওপজা দিন । ১৯৪২ চনৰ আজিৰ দিনটোতে এলাহাবাদত (বৰ্তমানৰ প্ৰয়াগৰাজ)তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃ আছিল বিখ্যাত কবি হৰিবংশ ৰায় বচ্চন । প্ৰথমতে অমিতাভ বচ্চনৰ নাম আছিল ইনকিলাব শ্ৰীবাস্তৱ । অমিতাভ বচ্চন একাধাৰে এগৰাকী অভিনেতা, গায়ক, প্ৰযোজক তথা ৰাজনীতিক । ১৯৭০-৮০ৰ দশকত ভাৰতীয় চলচ্চিত্ৰ জগতত তেওঁৰ বিশেষ অধিপত্য আছিল । সেইসময়ত তেওঁ ‘খঙাল ডেকা’ হিচাপে পৰিচিত আছিল । আজিও তেওঁক বিগ বি বা বলীউডৰ শ্বাহেনশ্বাহ বুলি কোৱা হয় । আজিও তেওঁ সক্ৰিয় । অভিনয়ৰ উপৰি টেলিভিছন অনুষ্ঠানৰ (যেনে কোন বনেগা কড়োড়পতি) গুৰিধৰোতা হিচাপে জনপ্ৰিয় । ১৯৬৯ চনত তেওঁ ‘সাত হিন্দুস্তানী’ নামৰ চলচ্চিত্ৰৰে বলীউডত আত্মপ্ৰকাশ কৰে । এসময়ত তেওঁ এবিচিএল নামৰ এটা প্ৰযোজনা সংস্থা আৰম্ভ কৰিছিল যদিও পিছলৈ বন্ধ হৈপৰে । ১৯৮৪ চনৰ পৰা ১৯৮৭ চনলৈ তেওঁ লোকসভাৰ সাংসদ হয় । শোলে, অমৰ আকবৰ এন্থনী, মুকদ্দৰ কা চিকন্দৰ, কুলি আদি তেওঁৰ জনপ্ৰিয় চলচ্চিত্ৰ । মিষ্টাৰ নটৱৰলাল, লাৱাৰিছ, নছিব, চিলচিলা আদি চলচ্চিত্ৰৰ গীতত তেওঁ কণ্ঠদানো কৰিছিল । তেওঁ দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল । ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ সন্মানো প্ৰদান কৰে । অভিনেতাগৰাকীক জনালোঁ তেওঁৰ ওপজা দিনৰ ওলগ ।