আজি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ওপজা দিন । ১৯৪০ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । অসমীয়া চলচ্চিত্ৰ জগতখনত তেওঁ ১৯৭১ চনত মুক্তি পোৱা জনপ্ৰিয় চলচ্চিত্ৰ ‘অৰণ্য’ পৰিচালনাৰ যোগেদি পদাৰ্পণ কৰিছিল । এই চলচ্চিত্ৰখনৰ বাবে তেওঁ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল । তেওঁ মুঠ ছখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল । তেওঁ পৰিচালনা কৰা চলচ্চিত্ৰকেইখন আছিল ক্ৰমে অৰণ্য, পুতলা ঘৰ, সোণৰ হৰিণ, ৰাজা, কাজিৰঙাৰ কাহিনী আৰু বীৰ চিলাৰায় । পৰিচালকগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।
আজি জনপ্ৰিয় পাৰ্শ্ব গায়ক কিশোৰ কুমাৰৰ স্মৃতি দিৱস । তেওঁৰ প্ৰকৃত নাম আছিল কিশোৰ কুমাৰ গাংগুলী । ল’ৰালিত তেওঁৰ নাম আছিল আভাস কুমাৰ গাংগুলী । তেওঁৰ জ্যেষ্ঠ ভাতৃ অশোক কুমাৰৰ হিন্দী চলচ্চিত্ৰ জগতত বিপুল সাফল্যৰ পিছত তেৱোঁ সেই বাটেৰে আগবাঢ়ে । হিন্দী চলচ্চিত্ৰ জগতৰ শ্ৰেষ্ঠ পাৰ্শ্ব গায়কসকলৰ ভিতৰত তেওঁ অন্যতম । কণ্ঠশিল্পী হিচাপে অধিক জনপ্ৰিয় হ’লেও তেওঁ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিচালক আৰু চিত্ৰনাট্যকাৰো । তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত চলতি কা নাম গাড়ী, হাফ টিকেট, হাংগামা, নৌকৰি, বন্দী আদি অন্যতম । তেওঁ ৰূপ তেৰা মস্তানা গানৰ বাবে প্ৰথমবাৰ ফিল্ম ফেয়াৰ পুৰস্কাৰ লাভ কৰাৰ পিছত আৰু সাতবাৰ মুঠ আঠবাৰ এই পুৰস্কাৰ লাভ কৰে । দিল এইসা কিছিনে মেৰা তোড়া, খাইকে পাণ বানাৰসৱালা, অগৰ তুম না হোতে, সাগৰ কিনাৰে আদি তেওঁৰ কণ্ঠৰ জনপ্ৰিয় গীত । ১৯৮৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।