আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন । ১৮৬৪ চনৰ আজিৰ দিনটোতে আঁহতগুৰি নামে ঠাইত তেওঁ ‘নৌকাস্থ’ হৈছিল । সেইদিনা লক্ষ্মী পূৰ্ণিমা আছিল বাবে তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল । ওড়িশাৰ সম্বলপুৰত কাঠৰ ব্যৱসায় কৰা লক্ষ্মীনাথ বেজবৰুৱাই ১৮৮৮ চনত হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ লগ লাগি কলিকতাত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গঠন কৰে । অভাউসাসৰ উদ্যোগতে ১৮৮৯ চনৰ পৰা প্ৰকাশ পোৱা যুগ সৃষ্টিকাৰী আলোচনী ‘জোনাকী’ৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষত তেওঁ সম্পাদকৰ দায়িত্ব লয় । ১৯১০ চনত তেওঁ ‘বাঁহী’ আলোচনী সম্পাদনা কৰে । ‘লিটিকাই’ নামৰ নাটকখনৰ ৰচনাৰেই তেওঁ সাহিত্যিক জীৱনৰ আৰম্ভণি কৰে । তেওঁ গল্প, উপন্যাস, সাধুকথা, ধেমেলীয়া নাট, বুৰঞ্জীমূলক নাট, কবিতা, জীৱনী, আলোচনামূলক গ্ৰন্থ আদি ৰচনা কৰি অসমীয়া সাহিত্যক টনকিয়াল কৰি থৈ গৈছে । অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ৰো স্ৰষ্টা আছিল তেওঁ । তেওঁ ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । মহান সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট ঔপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ডট্টাচাৰ্যৰ ওপজা দিন । ১৯২৪ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ চাফ্ৰাই চাহ বাগিচাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে ঔপন্যাসিক, কবি, গল্পকাৰ আৰু সাংবাদিক । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অধ্যাপনা কৰাৰ উপৰি হাৰিয়ানা বিশ্ববিদ্যালয়ৰ ৰাম মনোহৰ লোহিয়া আসনৰো অধ্যাপক হয় । সাহিত্য অকাডেমিৰ সভাপতিও আছিল তেওঁ । তেওঁ যুগ সৃষ্টিকাৰী ‘ৰামধেনু’ আলোচনীৰ সম্পাদক আছিল । কিছুদিন ‘বাঁহী’ৰো সম্পাদক আছিল । সাদিনীয়া নৱযুগ, জনতা, প্ৰকাশ আদি আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল তেওঁ । তেওঁ আছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক । তেওঁৰ ‘মৃত্যুঞ্জয়’ উপন্যাসৰ বাবে এই বঁটা তেওঁ লাভ কৰে । ৰাজপথে ৰিঙিয়াই, ইয়াৰুঈঙ্গম, শতঘ্নী, আই আদি তেওঁৰ জনপ্ৰিয় উপন্যাস । কলং আজিও বয়, সাতসৰী আদি তেওঁৰ গল্প পুথি । তেওঁৰ একমাত্ৰ কবিতা পুথি সান্ধ্যস্বৰ । ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’ তেওঁৰ এটি অতি জনপ্ৰিয় কবিতা । ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট চিত্ৰশিল্পী ডঃ শোভা ব্ৰহ্মৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে কোকৰাঝাৰ জিলাৰ ভুমকা গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী ভাস্কৰো আছিল । কলিকতাৰ শান্তি নিকেতনৰ পৰা চাৰু কলাৰ স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী বিদ্যালয়ত শিল্পকলা বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰে । তেওঁ আছিল গুৱাহাটীৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ । উত্তৰ পূৰ্বাঞ্চলৰ সমাজ-সংস্কৃতি তেওঁৰ কলাৰ একক শৈলী আছিল । ডেথ, খেৰাই, ৰিলিজ আদি তেওঁৰ উল্লেখযোগ্য চিত্ৰ । ঊৰ্ধমুখী নাৰী, অপ্সৰা আদি তেওঁৰ জনপ্ৰিয় ভাস্কৰ্য । তেওঁ ‘শিল্প কলাৰ নৱজন্ম’, ‘জীৱন আৰু চিত্ৰকলা’ আৰু ‘লিঅ’নাৰ্ডো ডা ভিন্সি’ নামৰ তিনিখন গ্ৰন্থ অসমীয়াত আৰু গোদান উধি নামৰ এখন গ্ৰন্থ বড়ো ভাষাত লিখি থৈ যায় । ১৯৯১ চনত তেওঁ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । ১৯৯৬ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।