আজি কবি নলিনীবালা দেৱীৰ ওপজা দিন । ১৮৯৮ চনৰ আজিৰ দিনটোতে বৰপেটাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল কৰ্মবীৰ নৱীন চন্দ্ৰ বৰদলৈৰ কন্যা । ব্যক্তিগতভাৱে এক অতি দুখৰ জীৱন কটাবলগীয়া হোৱা কবিগৰাকীৰ প্ৰথমখন কবিতাপুথি আছিল ‘সন্ধিয়াৰ সুৰ’ । তাৰ পিছত তেওঁ সপোনৰ সুৰ, পৰশমণি, যুগদেৱতা, জাগৃতি, অলকানন্দা, অন্তিমৰ সুৰ আদি কেইবাখনো কবিতা পুথি ৰচনা কৰে । তেওঁৰ কবিতাত প্ৰকাশ পায় আধ্যাত্মিকতাৰ সুৰ । তদুপৰি ইন্দ্ৰিয়াতীত ভাব আৰু স্বদেশপ্ৰেমো তেওঁৰ কবিতাৰ আন এক বৈশিষ্ট্য । ‘এৰি অহা দিনবোৰ’ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ । শেষ পূজা, পাৰিজাত অভিষেক, মীৰা বাঈ আদি তেওঁৰ প্ৰকাশিত নাটিকা । ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । তেওঁৰ ‘অলকানন্দা’ নামৰ কাব্যগ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেওঁ অসম সাহিত্য সভাৰ ত্ৰয়োবিংশ অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল । তেওঁ আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি । অসম সংঘৰো তেওঁ সভাপতি আছিল । সদৌ অসম মইনা পাৰিজাত চ’ৰা গঠনৰ গুৰিতেও আছিল তেওঁৰ ত্যাগ । এইগৰাকী মহীয়সী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজিৰ দিনটোতে ভগৎ সি, সুখদেৱ আৰু ৰাজগুৰুক ব্ৰিটিছে ফাঁচী দিছিল । দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া তিনিওগৰাকী বীৰৰ স্মৃতিত আজি শ্বহীদ দিৱস পালন কৰা হয় । লালা লাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধ স্বৰূপে ব্ৰিটিছ উপ-আৰক্ষী অধীক্ষক জে পি চাউণ্ডাৰ্ছক হত্যাৰ অভিযোগত ব্ৰিটিছে তেওঁলোকক এই চৰম শাস্তি বিহিছিল । তিনিওগৰাকী শ্বহীদলৈ আমাৰ প্ৰণাম ।