আজি বিশিষ্ট গীতিকাৰ, সংগীত পৰিচালক তফজ্জুল আলীৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে দৰং জিলাৰ ভুটীয়াচাং চাহ বাগিচাত তেওঁৰ জন্ম হৈছিল । তেওঁ ডিব্ৰুগড়ৰ হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পিছত ১৯৭০ চনত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত যোগদান কৰি অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ লয় । অসমীয়া ভাষাৰ প্ৰথমখন ডাইজেষ্ট আলোচনী ‘সংগম’ৰো সম্পাদক আছিল তেওঁ । অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ আছিল আকাশবাণীৰ এগৰাকী স্বীকৃত আৰু জনপ্ৰিয় গীতিকাৰ । ১৯৪৮ চনৰ ৭ আগষ্টত তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰথমবাৰলৈ গীত পৰিৱেশন কৰি অনাতাঁৰ শিল্পী ৰূপেও প্ৰতিষ্ঠা লাভ কৰে । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ সম্পাদকো আছিল । মন্দাক্ৰান্তা, অনুষ্টুপ, সোণালী চৰাই আদি তেওঁৰ গীতৰ পুথি । বেড নম্বৰ ফাইভ, বাসন্তীৰ বিয়া আদি তেওঁৰ নাটক । বহুদিন বকুলৰ গোন্ধ পোৱা নাই তেওঁৰ এটা অতি জনপ্ৰিয় গীত । তেওঁ পুতলা ঘৰ আৰু সোণৰ হৰিণ চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । ১৯৯৫ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে । গীতিকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।