আজি সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ ওপজা দিন । ১৯০০ চনৰ আজিৰ দিনটোতে শিৱসাগৰত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী সমাজ সংগঠক, সাংস্কৃতিক তথা ক্ৰীড়া উদ্যোক্তা আৰু সফল ব্যৱসায়ী । দ্য আছাম ট্ৰিবিউন সংবাদ গোষ্ঠীৰ তেওঁ প্ৰতিষ্ঠাপক আছিল । এই গোষ্ঠীৰ পৰাই আগশাৰীৰ দৈনিক অসম, অসম বাণী আৰু গৰীয়সী কাকত-আলোচনী প্ৰকাশ পায় । তেওঁৰ তত্বাৱধানতে নিৰ্মাণ হৈছিল গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম । গুৱাহাটী ইনডৰ ষ্টেডিয়াম, অসম সংগীত সন্মিলনী, আছাম ফ্লায়িং ক্লাব, অসম হকী এছোচিয়েছন, অসম বেডমিণ্টন এছোচিয়েছন প্ৰতিষ্ঠাতো তেওঁৰ বিশেষ ভূমিকা আছিল । তেওঁৰ একক প্ৰচেষ্টাতে গুৱাহাটীত স্থাপন হৈছিল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ । তেওঁ আছিল গুৱাহাটীৰ প্ৰথমগৰাকী মেয়ৰ । ১৯৫২ চনত ৰাজহুৱাভাৱে পতা অসমৰ প্ৰথমখন মঞ্চ বিহুৰ উদ্যোক্তা গুৱাহাটী বিহু সন্মিলনীৰ তেওঁ প্ৰতিষ্ঠাপক উপ-সভাপতি আছিল । তেওঁক আধুনিক অসমৰ আৰ্হি নিৰ্মাতা বুলি কোৱা হয় । তেওঁ বিভিন্ন নাটকৰ উপৰি মনোমতী আৰু পূবেৰুণ চলচ্চিত্ৰতো অভিনয় কৰিছিল । বিশিষ্ট ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট শিল্পী যুগল দাসৰ স্মৃতি দিৱস । তেওঁ এগৰাকী সাহিত্যিক তথা কলা-নিৰ্দেশক আছিল । অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো তেওঁ অংকন কৰিছিল । ১৯৮৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ ওপজা দিন । ১৯৫২ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ বকতাত তেওঁৰ জন্ম হৈছিল । তেওঁ অপৰূপা, পাপৰি, হালধীয়া চৰায়ে বাও ধান খায়, ফিৰিঙতি, সাগৰলৈ বহু দূৰ আদি অনেক অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল আৰু প্ৰায়কেইখন চলচ্চিত্ৰই বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে । অপেক্ষা, মেইনে গান্ধী কো নেহী মাৰা , মুম্বাই কাটিং তেওঁৰ হিন্দী চলচ্চিত্ৰ । তেওঁ পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানৰ উপৰি কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা আৰু ভূপেন হাজৰিকা বঁটাও লাভ কৰে । চলচ্চিত্ৰ পৰিচালকগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।