আজি বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, ৰহস্য সাহিত্যিক বসন্ত দাসৰ ওপজা দিন । ১৯৪০ চনৰ আজিৰ দিনটোতে ডিফুৰ শিৱবাৰী ৰোডত তেওঁৰ জন্ম হৈছিল । তেওঁ ১১খন অসমীয়া, কাৰ্বি আৰু ডিমাছা চলচ্চিত্ৰৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল । তেওঁ সংলাপ লিখা ৱশ্ববিপ’ নামৰ চলচ্চিত্ৰখনে স্বৰ্ণকমল আৰু ছেৰ আংলং নামৰ চলচ্চিত্ৰখনে ৰজতকমল বঁটা লাভ কৰিছিল । তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰায় ২০খন ধাৰাবাহিকৰ (অসমীয়া, হিন্দী আৰু কাৰ্বি ভাষাত) কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছিল । ঋতুৰাজ ছদ্মনামেৰে তেওঁ কেইবাখনো উপন্যাস ৰচনা কৰিছিল । দস্যুৰাণী বিজুলীকে ধৰি প্ৰায় ৪০খন ৰহস্য উপন্যাস ৰচনা কৰিছিল । তেওঁৰ গল্প, উপন্যাস আদি মুখ্যতঃ বিস্ময়, ৰহস্য আদি আলোচনীত প্ৰকাশ পাইছিল । জংচন তেওঁৰ জনপ্ৰিয় উপন্যাস । ‘নেলফা’ ছিৰিজো তেওঁৰেই সৃষ্টি আছিল । তেওঁ দৈনিক প্ৰতিবেদন কাকতৰ সম্পাদকো আছিল । ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰতীক চিহ্নটো তেওঁ অংকন কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অৰ্থনীতিবিদ জয়ন্ত মাধৱৰ স্মৃতি দিৱস । লণ্ডন স্কুল অব ইকনমিক্সৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা জয়ন্ত মাধৱ আছিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ ডাইৰেক্টৰ । তেওঁ উত্তৰ পূব বিত্তীয় উন্নয়ন নিগম চমুকৈ নেডফি প্ৰতিষ্ঠাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু ইয়াৰ অধ্যক্ষ ৰূপে যোগদান কৰিছিল । তেওঁ ভাৰতৰ প্ৰথম ব্যক্তিগত খণ্ডৰ বেংক স্থাপনৰ অনুজ্ঞাপত্ৰ লাভ কৰি গ্লোবেল ট্ৰাষ্ট বেংক আৰম্ভ কৰিছিল । তেওঁ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি চমুকৈ আৰজিভিএনৰো অধ্যক্ষ আছিল । ২০০৩ চনৰ পৰা ২০০৯ চনলৈ তেওঁ অসম চৰকাৰৰ অৰ্থনীতি আৰু বিত্তীয় উপদেষ্টা আছিল ।অসমৰ যুৱচামৰ উন্নতিৰ বাবে তেওঁ এম্প্লইমেণ্ট জেনেৰেচন মিছন প্ৰতিষ্ঠা কৰিছিল । লণ্ডন ইম্পেৰিয়েল কলেজত পঢ়ি থকা অৱস্থাত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা পুত্ৰৰ স্মৃতিত সৌৰ্য মাধৱ ফাউণ্ডেচন গঠন কৰিও বিভিন্ন সামাজিক কাম কৰিছিল । ২০২০ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । অৰ্থনীতিবিদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি আচাৰ্য ইলাৰাম দাসৰ স্মৃতি দিৱস । তেওঁ আছিল একশৰণ নামধৰ্মৰ প্ৰচাৰক, সুবক্তা তথা সমাজ সংস্কাৰক । তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুৰাগী আছিল । তেওঁ দুটা কাৰ্যকাল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰ আছিল । ১৯৭৩ চনত তেওঁ একশৰণ ভাগৱতী সমাজ নামৰ এটা সামাজিক-সাংস্কৃতিক সংগঠন প্ৰতিষ্ঠা কৰে । তেওঁ সমাজত অস্পৃশ্যতা ৰোধ, মাদক দ্ৰব্য নিবাৰণ আদিৰ হকে কাম কৰিছিল । নাৰী শিক্ষাৰ বিস্তাৰৰ বাবে তেওঁ সতী ৰাধিকা শান্তি মাতৃ সেৱা সমাজ গঠন কৰিছিল । তেওঁ নামঘোষা ৰসামৃত, পালনাম তত্ত্ব, বিশ্বজ্যোতি আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । ২০০১ চনত অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে । ২০০৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । আচাৰ্যগৰাকীলৈ আমাৰ প্ৰণাম ।